গুৱাহাটী, সংবাদ ৩৬৫, ১৪জুন : গুৱাহাটী মহানগৰীত এজাক বৰষুণতে হোৱা কৃত্ৰিম বানপানী এতিয়া আৰু নতুন কথা হৈ থকা নাই। বাৰিষাৰ দিন কেইটা অহাৰ লগে লগে নদী কাষৰীয়া ঠাইৰ মানুহ যেনেদৰে শংকিত হৈ পৰে ঠিক সেইদৰে বিৰক্তিবোধ কৰে মহানগৰবাসীয়ে। কাৰণ এটা ৰাতি কি দুই তিনি ঘণ্টাৰ ধাৰাসাৰ এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বানপানীৰ। স্কুলৰ ছাত্র-ছাত্রী, কার্যালয়ৰ পৰা চাকৰিয়াল ঘৰলৈ আহোঁতে কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ থাকিব লগা অৱস্থাৰ সৃষ্টি হয় ।

উল্লেখযোগ্য যে যোৱা বছৰৰ বাৰিষাত গুৱাহাটীত কৃত্ৰিম বানপানীৰ ফলত লগতে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা দুলাল মালাকাৰকে ধৰি মুঠ ৭ জন লোকৰ মৃত্যু ঘটিছিল।

মহানগৰীৰ এই কৃত্ৰিম বান ৰোধৰ বাবে মে’ মাহতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লগতে বিভাগ সমূহে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও জিলা প্ৰশাসনৰ এই ব্যৱস্থা কিমানদূৰ আগবাঢ়িছে বা ফলপ্ৰসূ হৈছে সেইয়া সময়েহে কব । কাৰণ পূৰ্বৰ দৰে এতিয়াও একেই আছে এজাক বৰষুণতে সৃষ্টি হোৱা সাগৰ সদৃশ কৃত্ৰিম বানপানী।