গুৱাহাটী, ৮ অক্টোবৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) পৰিৱেশ বহনক্ষমতাৰ প্ৰচাৰ আৰু ভাৰতীয় ৰে’লৱেৰ গ্ৰীণ মিছন ২০৩০ লক্ষ্য প্ৰাপ্তিৰ দিশত ইয়াৰ নেটৱৰ্কত কেইবাটাও অগ্ৰণী পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহৰ ভিতৰত গুৱাহাটী ৰে’লৱে ষ্টেচনৰ ৰূপান্তৰ, যি ভাৰতৰ প্ৰথম এশ শতাংশ প্লাষ্টিক পুনৰ্ব্যৱহাৰযোগ্য ষ্টেচন হোৱাৰ দিশত আগবাঢ়িছে, বহনক্ষম ৰে’লৱে পৰিচালনাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

এই পদক্ষেপৰ পৰিকল্পনা উত্তৰ-পূব সীমান্ত ৰে’লৱে, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ (পিচিবিএ) আৰু আইআইটি গুৱাহাটীৰ কাৰিকৰী সহায়তাত এক অনুমোদিত স্থানীয় ৰিচাইক্লাৰৰ সৈতে ত্ৰিপাক্ষিক বুজা-বুজি চুক্তিৰ(এমওইউ) জৰিয়তে কৰা হৈছে। এই পদক্ষেপত বৈজ্ঞানিক উদ্ভাৱন, নিয়ম নীতিৰ প্ৰতিপালন আৰু ব্যৱহাৰিক ৰূপায়নৰ সমন্বয়ৰ জৰিয়তে ফলপ্ৰসূ প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে অঞ্চলটোত এক অনুকৰণীয় মডেল সৃষ্টি কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত, উত্তৰ-পূব সীমান্ত ৰে’লৱেই পৃথকীকৰণৰ বাবে কালাৰ ক’ডেড ডাষ্টবিন, বটল ক্ৰাশ্বিং মেচিন, কম্পোষ্টিং ইউনিট আৰু কিউআৰ ক’ড-ভিত্তিক এক বিস্তৃত প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা পদ্ধতিৰে বাস্তৱ সময়ভিত্তিক কাৰ্যক্ষমতা নিৰীক্ষণ কৰিব পৰা যায়। আইআইটি গুৱাহাটীৰ দ্বাৰা বিকশিত কৰা পৰিৱেশ হিতৈষী কম্পোষ্টেবল বেগ ৰেলসমূহত একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত প্লাষ্টিক আৱৰ্জনাৰ উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস পাইছে।

জনসাধাৰণৰ মাজত সজাগতাৰ বৃদ্ধি আৰু অংশগ্ৰহণক উৎসাহিত কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিভিন্ন ষ্টেচনত একাধিক “বৰ্জ্যৰ পৰা শিল্প” প্ৰদৰ্শনী, বাটৰ নাটক, স্কাউটছ এণ্ড গাইডছৰ সচেতনতা অভিযান আৰু ডিজিটেল প্ৰচাৰৰ আয়োজন কৰিছে। এই প্ৰচেষ্টাই যাত্ৰী, বিক্ৰেতা আৰু ৰে’লৱে কৰ্মচাৰীৰ মাজত পৰিৱেশৰ প্ৰতি সচেতনতা বৃদ্ধি কৰিছে। ফলস্বৰূপে, বিক্ৰেতাসকলৰ সঁহাৰি এশ শতাংশত উপনীত হৈছে, যাত্ৰীৰ পৰিস্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কীয় অভিযোগ ৬০ শতাংশ হ্ৰাস পাইছে আৰু ষ্টেচনৰ সামগ্ৰিক পৰিৱেশ যথেষ্ট উন্নত হৈছে।

ইয়াৰ উপৰিও, এই সফলতাসমূহৰ ওপৰত ভিত্তি কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ নেটৱৰ্কৰ অন্তৰ্গত আৰু নটা ষ্টেচনত এশ শতাংশ প্লাষ্টিক পুনৰ্ব্যৱহাৰযোগ্য ষ্টেচন মডেল সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে সমগ্ৰ সংমণ্ডলটোক অধিক পৰিস্কাৰ-পৰিচ্ছন্ন, সেউজীয়া আৰু পৰিৱেশ অনুকূলৰ প্ৰতি অধিক দায়বদ্ধ কৰি তোলা।