গুৱাহাটী, সংবাদ ৩৬৫, ১২ আগষ্ট : উৎকট গৰমে দহিছে ৰাজ্য তথা মহানগৰবাসীক । গৰমৰ পৰা পৰিত্ৰান বিছাৰিছে সকলোৱে ।

উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আজিৰ দিনটোত গুৱাহাটীয়ে চুলেগৈ সৰ্বোচ্চ তাপমাত্ৰা । সৰ্বোচ্চ তাপমাত্ৰাই পূৰ্বৰ অভিলেখ ভংগ কৰি আগষ্ট মাহৰ বুধবাৰৰ ৭ আগষ্টত গুৱাহাটীৰ সৰ্বোচ্চ তাপ মান আছিল ৩৯.২ ডিগ্ৰী ছেলচিয়াছ । সোমবাৰে গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা আছিল ৩৯.১ ডিগ্ৰি ছেলছিয়াছ ।

বংগোপসাগৰ ওপৰৰে দক্ষিণ দিশৰ পৰা অহা বায়ুৰ চাপ হ্ৰাস হোৱা বাবে অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত গৰমৰ প্ৰকোপ বৃদ্ধি হৈছে । যাৰ বাবে বায়ুৰ চাপ কমাৰ ফলত অধিক গৰমৰ অনুমান গৈছে ৰাজ্যত ।

অৱশ্যে এই গৰমৰ কিছু সকাহ পোৱাৰ আকংশা আছে ৰাজ্যবাসীয়ে কিয়ণো আগন্তুক ৪ দিনলৈ অসমৰ তথা উত্তৰ-পুৰ্বাঞ্চলৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণ আৰু বিজুলি ধেৰেকনিৰ সম্ভাৱনা আছে । এই কথা সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।