গুৱাহাটী, ১২ অক্টোবৰঃ গুৱাহাটীৰ আগশাৰীৰ সাপ্তাহিক ইংৰাজী কাকত জিপ্লাছৰ উদ্যোগত অহা ১ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ মাছখোৱাস্থিত প্ৰাগজ্যোতি আইটিএ কেন্দ্ৰত অনুষ্ঠিত হ’ব দ্বিতীয় বার্ষিক গুৱাহাটী নাট মহােৎসৱ। পাঁচ দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই নাট মহােৎসৱত বিশ্বজুৰি প্ৰশংসিত পাঁচখনকৈ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ নাট প্রদর্শন কৰা হ’ব। প্রথমদিনা প্ৰদৰ্শিত হ’ব কাছাৰ ঠাকৰ পদমহীৰ মাদাৰ কৰাজ এণ্ড হাৰ চিল্ডেন নাটখন। নাটখনত অভিনয় কৰিছে প্ৰবীণ মঞ্চ অভিনেত্রী অৰুন্ধতী নাগে। মহােৎসৱৰ দ্বিতীয় দিনা মঞ্চস্থ হ’ব শ্বাবানা আজমীৰ অভিনীত গিৰীশ কার্নাডৰ দ্বাৰা ৰচিত আৰু আলিকু পদমহীৰ দ্বাৰা পৰিচালিত নাট ব্রে’কেন ইমেজ। মুম্বাইৰ আগশাৰীৰ নাট প্রযোজক সংস্থাৰ দ্বাৰা প্ৰস্তুত কৰা শ্বেক্সপেয়াৰৰ দুখন বিশেষ নাটাে মহােৎসৱত প্ৰদৰ্শিত হ’ব। নাটদুখন ক্ৰমে Girl &’i-What’s Done is Done (Macbeth) like Piya Behrupia (Twefth Night) diri 43r। ইয়াৰ উপৰি সত্তৰ দশকৰ কিংবদন্তী অভিনেতা শ্বামী কাপুৰৰ বৰ্ণিল জীৱনক লৈ ৰচিত The QISI CỠ GIGANS FIR SPİK’( The Gentleman’s Club)। মহােৎসৱৰ অধ্যক্ষ তথা সাপ্তাহিক কাকতখনৰ প্ৰকাশক সুনীত জৈনে কয় যে উত্তৰ পূৱৰ নৱাগত দর্শকসকলক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ নাট উপভোগৰ সুযোগ দিয়াৰ উদ্দেশ্যেৰেই আমি এই প্রয়াস আৰম্ভ কৰিছিলো। নাট উপভোগৰ লগতে এই মহােৎসৱৰ জৰিয়তে আমি এই অঞ্চলৰ উদীয়মান যুৱক যুৱতীসকলক বিভিন্ন কর্মশালা আৰু ভাৱ-বিনিময় অনুষ্ঠানৰ মাধ্যমেৰে নতুন কথা শিকাৰ সুযোগ দিব বিচাৰাে। এই অনুষ্ঠানত নৱপ্ৰজন্মই নাট্যজগতৰ সৈতে জড়িত কেইবাগৰাকীও প্রখ্যাত ব্যক্তিৰ সৈতে ভাৱ-বিনিময়ৰ সুযোগ লাভ কৰিব পাৰিব। আনহাতে মহোৎসৱৰ সঞ্চালক আশা চৌধুৰীয়ে কয় যে, দ্বিতীয় বছৰৰ বাবে আয়োজিত এই নাট মহােৎসৱত মহানগৰীৰ বিভিন্ন মহাবিদ্যালয়ৰ নাট্য দলে নাট প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব। ইয়াৰ বাবে তেওঁলোকে মনােনয়ন আৰু অডিচন প্রক্রিয়া সম্পূর্ণ কৰিব লাগিব। মহােৎসৱখন আয়োজনৰ ক্ষেত্ৰত জিপ্লাছক সহযোগিতা আগবঢ়াইছে এপ’ল’ হস্পিতাল, ভোডাফোন, ইণ্ডিয়ান অইল, বালান্টাইনছ আৰু হস্তাক্ষৰে। মহােৎসৱৰ টিকট লাভ কৰিব মহানগৰীৰ আগশাৰীৰ ৰেষ্টুৰেণ্ট আৰু কফ্ৰী শ্ব’পৰ লগতে বুকমাইশ্ব’ ডট কমত।