গুৱাহাটী, ২১ আগষ্টঃ গুৱাহাটী চিটি এফচিৰ উদ্যোগত আয়োজন কৰা আই প্লাছ গুৱাহাটী ফুটছল ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণত ১৩ বছৰ অনুৰ্ধৰ খেলুৱৈসকলৰ বাবে এক পৃথক শাখাৰ আয়ােজন কৰা হৈছে। যুৱ খেলুৱৈসকলক ফুটবলৰ সঠিক প্রস্তুতি চলোৱাৰ বাবে এক উচিত মঞ্চ প্রস্তুত কৰি দিয়াৰ উদ্দেশ্যে সকলো বয়সৰ বাবে মুকলি থকা এই প্রতিযোগিতাত ১৩ বছৰ  অনুৰ্ধৰ এটা শাখাতাে খেল অনুষ্ঠিত হ’ব বুলি আয়ােজকে এক প্ৰেছ বিবৃতিত জানিবলৈ দিয়ে৷ ইচ্ছুক দলসমূহে যোগদানৰ বাবে ৯৭০৬৫৭০২১৯ আৰু ৮৬৩৮৬৯৮২৭৯ নম্বৰত যোগাযোগ কৰিব পাৰিব। গুৱাহাটী চিটি এফচিৰ সঞ্চালক কৌস্তৱ চক্ৰৱতীয়ে কয় যে, অসমৰ দৰে আন্তঃগাঁথনিৰ অভাৱ থকা ৰাজ্যত ফুটছালৰ যোগেদি প্রতিভাসমূহ উলিয়াই অনাত যথেষ্ট সুচল হ’ব৷ এই দৃষ্টিভঙ্গীৰেই গুৱাহাটী চিটি এফচিয়ে ফুটছল ফেষ্টিভেলৰ মাধ্যমেৰে শিশু-কিশোৰ ফুটবলাৰসকলৰ মাজলৈ যোৱাৰ আৰু তেওঁলোকৰ প্ৰতিভাক এক উচিত মঞ্চ প্ৰদান কৰাৰ প্ৰয়াস কৰিছে। সঞ্চালক চক্ৰৱতীয়ে লগতে কয় যে বিদ্যালয় তথা অসমৰ বিভিন্ন একাডেমীসমূহে ১৩ অনুৰ্ধৰখেলুৱৈৰ দল প্ৰেৰণ কৰিব পাৰিব। সবিশেষ জানিবৰ বাবে ইচ্ছুক দলসমূহে ক্লাৱৰ ফে’চবুক, টুইটাৰ আৰু ইনষ্টাগ্রাম পেজ অনুসৰণ কৰিব পাৰিব। উল্লেখ্য যে অহা ১৫ আৰু ১৬ ছেপ্তেম্বৰত দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত গুৱাহাটী ফুটছল ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণ  অনুষ্ঠিত হ’ব।