নিউজ ডেস্ক, ২৩ মে’, ২০২৫ : প্ৰধানমন্ত্রী নৰেন্দ্র মোদীয়ে (Narendra Modi) বৃহস্পতিবাৰে ৰাজস্থানত আয়োজিত এক কেন্দ্ৰীয় অনুষ্ঠানৰ সময়ত দেশজুৰি ১০৩ টা পুনৰ্বিকশিত অমৃত ষ্টেচনৰ উদ্বোধন কৰে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ভাৰতীয় ৰে’লৱেৰ ৰূপান্তৰণৰ দিশত ই হৈছে এক উল্লেখযোগ্য পদক্ষেপ। উত্তৰ পূব সীমান্ত ৰে’লৱে সংমণ্ডলৰ প্ৰথম আৰু একমাত্ৰ ৰে’লৱে ষ্টেচন হিচাপে (১০৩ টা ষ্টেচনৰ ভিতৰত) অসমৰ হয়বৰগাঁও ৰে’লৱে ষ্টেচন হৈছে, এই ঐতিহাসিক উদ্বোধন অনুষ্ঠানৰ এক অংশ যি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু আঞ্চলিক সংযোগ বৃদ্ধিৰ আধুনিকীকৰণৰ দ্বাৰা এক বিকশিত ভাৰত নিৰ্মাণৰ দিশত ভাৰত চৰকাৰৰ অটল দায়বদ্ধতাৰ প্ৰতীক।
হয়বৰগাওঁ ৰে’লৱে ষ্টেচনৰ উদ্বোধন হৈছে দেশব্যাপী অনুষ্ঠিত এক অনুষ্ঠানৰ অংশ। য’ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ প্ৰতি ২৬,০০০ কোটি টকাৰ ব্যয়সাপেক্ষ উন্নয়নমূলক প্ৰকল্পসমূহ ৰাষ্ট্ৰলৈ সমৰ্পিত কৰে, যি ভাৰতৰ ক্ৰমবৰ্ধমান আন্তঃগাঁথনি উন্নয়নক প্ৰতিফলিত কৰিছে। বিগত ১১ বছৰত ৰূপান্তৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি, প্ৰধানমন্ত্ৰীয়ে বন্দে ভাৰত, অমৃত ভাৰত আৰু নমো ভাৰত ৰে’লৰ প্ৰৱৰ্তনৰ সৈতে ভাৰতীয় ৰে’লৱেৰ দ্ৰুত প্ৰগতিৰ ওপৰত আলোকপাত কৰে, যি সমগ্ৰ দেশতে প্ৰায় ৭০ খন বন্দে ভাৰত ৰে’লপথে যোগাযোগ বৃদ্ধি কৰিছে। ৰাজস্থানত আয়োজিত এই উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় ৰে’ল যোগাযোগ আৰু ইলেক্ট্ৰনিক্স ও তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণবো উপস্থিত আছিল। ৩৪,০০০ কিঃমিঃত কৈয়ো অধিক ৰে’লপথ ইতিমধ্যে স্থাপন কৰা হৈছে, ব্ৰডগজ ৰে’লপথত মানৱবিহীন লেভেল ক্ৰছিংসমূহ অপসাৰণ কৰা হৈছে আৰু ১০০ শতাংশ বৈদ্যুতিকৰণৰ কাম চলি আছে।
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১,৩০০ টাত কৈয়ো অধিক ষ্টেচন আধুনিকীকৰণ কৰা হৈ আছে, ইয়াৰে ভিতৰত ১০০ টা ষ্টেচন ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে যাৰ দ্বাৰা বিশ্বমানৰ সুবিধাৰ সৈতে আঞ্চলিক ঐতিহ্যক একত্ৰিত কৰিছে। পুনৰ্বিকশিত হয়বৰগাঁও ষ্টেচনটো কেৱল যাতায়তৰ এক কেন্দ্ৰৰূপে সেৱা আগবঢ়োৱাৰ বাবেই ডিজাইন কৰা হোৱা নাই, আনহাতে বিশ্বমানৰ যাত্ৰী সা-সুবিধাৰ এক পৰ্যাপ্ততাৰ সৈতে ষ্টেচনটোত দিব্যাংগজন অনুকূল বৈশিষ্ট্যৰে সু-সজ্জিত কৰাৰ লগতে এক প্ৰাণৱন্ত চিটি চেন্টাৰ ৰূপেও গঢ়ি তোলা হৈছে। ষ্টেচনটোৰ স্থাপত্য আৰ্হিয়ে “বিৰাসত ভি বিকাশ ভি” বিষয়বস্তুক প্ৰতিফলিত কৰিছে, যাৰ দ্বাৰা স্থানীয় অসমীয়া সংস্কৃতি আৰু ঐতিহ্যৰ তাৎপৰ্যক আধুনিক সা-সুবিধাৰ সৈতে একত্ৰিত কৰিছে।
এই উদ্বোধনী অনুষ্ঠানটোত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, অসমৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা, তথ্য প্ৰযুক্তি, বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ লগতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ ৰাজ্যমন্ত্ৰী পৱিত্র মাৰ্ঘেৰিটা উপস্থিত আছিল। ইয়াৰ লগতে গণ্যমান্য বিশিষ্ট অতিথিবৰ্গৰ সৈতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ লগতে এই ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গও হয়বৰগাঁৱৰ এই ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। স্থানীয় সাংসদ আৰু বিধায়কসকলেও এই উল্লেখনীয় অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। তেওঁলোকৰ অংশগ্ৰহণে অসম আৰু সমগ্ৰ উত্তৰ পূব সীমান্ত ৰে’লৱে সংমণ্ডলৰ বাবে এই ষ্টেচন উন্নয়নৰ কৌশলগত গুৰুত্বকে পুননিশ্চিত কৰে।
প্ৰধানমন্ত্ৰীৰ প্ৰতি ৰে’লৱে আন্তঃগাঁথনি আৰু যাত্ৰী সেৱাৰ ৰূপান্তৰণত এক বিশ্বজনীন মানদণ্ড হিচাপে গঢ়ি তোলাৰ দিশত ভাৰতীয় ৰে’লৱেক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতৰ নেতৃত্ব আৰু পৰিৱৰ্তনশীল দৃষ্টিভঙ্গিৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। হয়বৰগাঁও অমৃত ষ্টেচনৰ সফলতাপূৰ্বক পুনৰ্বিকাশ হৈছে আধুনিক, সহজলভ্য আৰু ৰে’ল সেৱাৰ অন্তৰ্ভূক্তিকৰণৰ দিশত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সমৰ্পিত মনোভাৱৰ এক প্ৰমাণস্বৰূপ, যি নৱভাৰতৰ আশা-আকাঙ্খাৰ সৈতে অনুৰূপ।