ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, ২৯ নৱেম্বৰ: গোৱালপাৰা জিলাৰ চুনাৰী হাইস্কুল খেলপথাৰত যোৱা ২৬ নৱেম্বৰত এন আৰ চি সন্দৰ্ভত অনুষ্ঠিত এ আই ইউ ডি এফ দলৰ এখন সজাগতা সভাত পশ্চিম গোৱালপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্বেখ শ্বেৰ আলমে কৰা উৎকত সাম্ৰদায়িক মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ শ্বেৰ আলমৰ এই উগ্ৰ সাম্প্ৰদায়িক মন্তব্যই অসমত বসবাস কৰা হিন্দু মুছলমানৰ সাতামপুৰুষীয়া ঐক্য সম্প্ৰতি বিনস্ত কৰাৰ লগতে হিন্দু মুছলমানৰ মাজত ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ আশংকা কঢ়িয়াই আনিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে আজি প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে৷ আজি সন্ধিয়া ছাত্ৰ নেতাগৰাকীয়ে ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ হাতত এজাহাৰ প্ৰদান কৰি অচিৰেই শ্বেৰ আলমৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লৈ আহ্বান জনাই যে অতি শীঘ্ৰে তেওঁৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ।