বৰহাট, ২২ছেপ্টেম্বৰঃ জ্যেষ্ঠ সাংবাদিক গৌৰী লংকেশ আৰু যুৱ সাংবাদিক শান্তনু ভৌমিকক নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত চৰাইদেউৰ সোণাৰিৰ সাপেখাতিত আপকুৰ উদ্যোগত ব্যাপক প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ন কৰা হয়৷ আছু, কৃষি মুক্তি সংগ্ৰাম সমিতি, টাই আহোম যুৱ পৰিষদ, আটছা, আপকু, বৃহত্তৰ অসমীয়া যুৱমঞ্চ, চুম্ হুম্ লিক লাই লে ফিঙ্ ঙে ত্তাঈকে ধৰি কেবাটাও দল সংগঠনে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ প্ৰতিবাদকাৰীসকলে সাংবাদিক দুগৰাকীৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ কৰি দোষী ব্যক্তিক কঠোৰ শাস্তি প্ৰদানৰ লগতে সাংবাদিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাই চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে৷ লগতে কৰ্তব্যৰত সাংবাদিকৰ ওপৰত আক্ৰমণ কৰাৰ সময়ত আৰক্ষী বাহিনী উপস্থিত থকাৰ পাছতো সাংবাদিকক নিৰাপত্তা দিব নোৱাৰা কাৰ্য প্ৰতিবাদকাৰীসকলে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ প্ৰতিবাদকাৰীসকলে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাই জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে, জ্যেষ্ঠ সাংবাদিক গৌৰী লংকেশক আততায়ীয়ে গুলিয়াই হত্যা কৰাৰ লগতে পশ্চিম ত্ৰিপুৰাত স্থানীয় টিভি চেনেলৰ যুৱ সাংবাদিক শান্তনু ভৌমিকে সংবাদ পৰিৱেশন কৰিব যোৱাৰ সময়ত উগ্ৰ প্ৰতিবাদকাৰীয়ে অতি নৃশংসভাৱে হত্যা কৰা ঘটনাই সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷