নুমলীগড়, ৬ ডিচেম্বৰ: গোলাঘাট আৰু কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী ৰাংচালিৰ লখৌপাহাৰৰ ঘন জংঘলৰ মাজত দুটাকৈ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হয়৷ জানিবপৰা মতে, স্থানীয় লোকে পুৱা লখৌপাহাৰত এজনী প্ৰাপ্তঃবয়স্ক হাতীৰ লগতে এটা প্ৰায় ছমহীয়া পোৱালিৰ মৃতদেহ প্ৰত্যক্ষ কৰি ৰাংচালি খণ্ড বন বিভাগত খবৰ দিয়ে৷ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে৷ হাতী দুটাৰ মৃত্যু কেইবাদিনৰ পূৰ্বে হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে৷ উল্লেখ্য যে, প্ৰাপ্তঃবয়স্ক হাতীজনী শুৰ কটা অৱস্থাত উদ্ধাৰ কৰা হৈছে৷ বৰ্তমানৰলৈকে হাতী দুটাৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই৷