মানকাচৰ : নিশা ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত চাৰিখনকৈ দোকান। হাটশিঙিমাৰীৰ সুখচৰ বৌ বজাৰত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ভস্মীভূত হোৱা চাৰিখন দোকানৰ ১০ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত বৌ বজাৰত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত বজাৰখনত থকা চাৰিখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। নিশা প্ৰায় ১২ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

বজাৰখনত থকা এখন ফাৰ্মাচীৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। মূহুৰ্ততে জুইৰ লেলিহান শিখা ফাৰ্মাচীখনৰ পৰা অন্য দোকান সমূহলৈ বিয়পি পৰাত চাৰিখন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। স্থানীয় ৰাইজে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

অগ্নিকাণ্ডৰ ঘটনাত বজাৰখনত থকা ৰাফেদ আলী আহমেদৰ ফাৰ্মাচী, তাৰা মিঞাৰ পানৰ দোকান, সঞ্জন শীলৰ চেলুন আৰু আকিদুৰ ৰহমানৰ এটা গেলামালৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হোৱা দোকান চাৰিখনৰ ১০ লক্ষাধিক টকা মূল্যৰ সামগ্ৰী জুইত জাহ যায় বুলি ব্যৱসায়ী সকলে জানিবলৈ দিয়ে।