গুৱাহাটী, ১২ এপ্ৰিল, ২০২৫: উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ইয়াৰ কৰ্মচাৰী, তেওঁলোকৰ পৰিয়ালবৰ্গ আৰু সাধাৰণ জনসাধাৰণৰ বাবে স্বাস্থ্য সেৱা উন্নত কৰাৰ ক্ষেত্ৰত নিজৰ দৃঢ় প্ৰতিশ্ৰুতি নিৰন্তৰভাৱে প্ৰদৰ্শন কৰি আহিছে। ৯ এপ্ৰিল তাৰিখে মালিগাঁৱৰ কেন্দ্ৰীয় চিকিৎসালয়ত এক নৱজাত শিশুৰ পুনৰুজ্জীৱন কাৰ্যসূচী (এনআৰপি) সফলতাৰে আয়োজন কৰা হয়। এই প্ৰশিক্ষণটো প্ৰথম সোণালী মিনিট প্ৰকল্পৰ অংশ হিচাপে ইণ্ডিয়ান একাডেমী অফ পেডিয়াট্ৰিক্স (আইএপি) আৰু নেচনেল নিওনেটোলজী ফ’ৰাৰ দ্বাৰা যৌথ উদ্যোগত আয়োজন কৰা হয়।

এই পদক্ষেপটোৰ মূল্য উদ্যেশ্য হৈছে সময়মতে আৰু দক্ষ পুনৰুজ্জীৱন পদ্ধতিৰ জৰিয়তে নৱজাত শিশুৰ জীৱন ৰক্ষা নিশ্চিত কৰা। এই কাৰ্যসূচীটোত মূল উদ্দেশ্য আছিল স্বাস্থ্য সেৱাৰ সৈতে জড়িত ব্যক্তিসকলক নৱজাত শিশুৰ জন্মৰ পাছত সৰ্বাধিক জৰুৰী হোৱা প্ৰথম মিনিটত প্ৰয়োজনীয় সহায় আগবঢ়াব পৰা বাবে প্ৰয়োজনীয় জ্ঞান আৰু প্ৰায়োগিক কৌশলৰে সুসজ্জিত কৰা। এই প্ৰশিক্ষণৰ উদ্দেশ্য আছিল জীৱন সংকটজনক পৰিস্থিতিত তৎপৰ নিশ্চিত কৰি নৱজাত শিশুৰ অসুস্থতা আৰু মৃত্যুৰ হাৰ উল্লেখযোগ্যভাৱে হ্ৰাস কৰা। শিশু চিকিৎসা সেৱাত গুৰুত্ব আৰোপ কৰি, মালিগাঁৱৰ এই চিকিৎসালয়ে শিশুৰোগ বিভাগৰ লগতে আন বিশেষজ্ঞ বিভাগসমূহো আৰম্ভ কৰিছে, যাৰ ফলত ৰোগীক বাহিৰৰ অঞ্চললৈ চিকিৎসাৰ বাবে যাবলগীয়া প্ৰয়োজন যথেষ্ট হ্ৰাস পাইছে।

মুঠ ১৬ জন অংশগ্ৰহণকাৰীয়ে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল, য’ত ব্যাপক ৰূপে হাতেকলমে অনুশীলন আৰু অনুকৰণ ভিত্তিক শিক্ষা মডিউলসমূহ অন্তর্ভুক্ত আছিল। এই কেন্দ্ৰীভূত শিক্ষণ পদ্ধতিৰ জৰিয়তে, কাৰ্যসূচীখনে নৱজাত শিশুজনিত জৰুৰী পৰিস্থিতি সমাধান কৰাৰ ক্ষেত্ৰত চিকিৎসা কৰ্মচাৰীৰ আত্মবিশ্বাস আৰু দক্ষতা বঢ়াই তুলিছে। এই পদক্ষেপে উত্তৰ পূব ৰে’লৱেৰ স্বাস্থ্য সেৱাৰ গুণগত মান উন্নীত কৰা আৰু ইয়াৰ নেটৱৰ্কৰ অধীনত প্ৰদান কৰা চিকিৎসা সেৱাৰ ফলাফল উন্নত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ নিৰন্তৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰে।

২০২৪ ৰ জানুৱাৰীত নিউ আয়ুষ আৰু আৰইএলএইচএছ ক্লিনিকৰ মুকলিয়ে আৰু লগতে প্ৰতীক্ষাৰত ৰোগীসকলৰ বাবে ডৰমিটৰীৰ সম্প্ৰসাৰিত কৰাৰ সুবিধা এই পদক্ষেপসমূহে ৰোগীৰ তদাৰকৰ বাবে এক সামগ্ৰিক দৃষ্টিভংগীকেই প্ৰতিফলিত কৰিছে। ডিজিটেল ইণ্ডিয়া পদক্ষেপৰ সৈতে সংগতি ৰাখি ইলেক্ট্ৰনিক হেল্থ ৰেকৰ্ড (ইএইচআৰ) গ্ৰহণ কৰাৰ লগতে এই উন্নয়নসমূহে ৰোগী পৰিচালনাৰ প্ৰক্ৰিয়া সহজ কৰি আৰু সেৱা প্ৰদানৰ গুণগত মান বৃদ্ধি কৰি তুলিছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা সক্ৰিয়ভাৱে সমাজসেৱামূলক পদক্ষেপসমূহৰ অন্তৰ্গত স্বাস্থ্য শিবিৰ আৰু সজাগতা কাৰ্যসূচীও অন্তৰ্ভূক্ত থাকে, যিয়ে অঞ্চলিক স্বাস্থ্য সেৱাৰ উন্নয়নত এজন আগশাৰীৰ নেতৃত্বৰূপে তেখেতলোকৰ ভূমিকা অধিক দৃঢ় কৰি তোলে।