গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুন : অসমত এক নতুন ৰাষ্ট্ৰবাদী সংগঠনে জন্ম লাভ কৰিছে । সেই উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে সংগঠনটোৱে । বৃহত্তৰ হিন্দু সমাজখনৰ সুৰক্ষাই হব সংগঠনৰ মূল উদ্দেশ্য।

সংবাদমেলত সংগঠনটোৱে কয় যে অসমত শদিয়াৰ পৰা ধুবুৰীলৈ হিন্দুখিনি সুৰক্ষিত নহয় । সেইবাবে কেইটামান বিশেষ দাবী লৈ ওলাই আহিছো । দাবী কেইটা হৈছে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব লাগে । গৰুক ৰাষ্ট্ৰীয় জীৱ হিচাপে ঘোষণা কৰা, গৰুৰ মাংস নিষিদ্ধ কৰিব লাগিব, গৰুক কেৱল খেতিৰ বাবেই কিনা-বেছাৰ কৰিব লাগিব । প্ৰত্যেকজন হিন্দু যুৱক-যুৱতীয়ে কর্মসংস্থাপন পাব লাগিব । এই দাবী সমূহ চৰকাৰৰ লগত আলোচনা কৰি সমাজখন হিন্দুৰ বাবে সুৰক্ষা কৰি হিন্দু ৰাষ্ট্ৰ গঢ়িব চেষ্টা কৰিম ।

ইফালে ১৩৭০ চনৰে বাংলাদেশৰ এটা মন্দিৰ যোৱা কালি মুছলমান লোকসকলে ভাঙি পেলাইছিল। হিন্দুলোকসকলে ইয়াৰ বিৰোধীতা কৰিছিল যদিও তেওঁলোকক ওলোটাই মাৰ ধৰ কৰা বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰবাদী সংগঠনটোৱে ।

আনহাতে, ধুবুৰী, হাইলাকান্দি, কৰিমগঞ্জ, বৰপেটা আদি ঠাইত সত্ৰৰ,মন্দিৰৰ ওপৰত বেদখল চলিছে মুছলমানসকলৰ । গতিকে চৰকাৰে ইয়াৰ ওপৰত বিহীত ব্যৱস্থা লব লাগে বুলিও সংগঠনটোৱে মন্তব্য কৰে । চৰকাৰলৈ সকীয়নী দি সংগঠনটোৱে কয় যে যদি চৰকাৰে সুৰক্ষা দিব নোৱাৰে তেনেহলে আন্দোলন কৰিবলৈ বাধ্য হম।

ইয়াৰোপৰি ইছলামিক ৰাষ্ট্ৰত কংগ্ৰেছৰ বিশেষভাৱে চাপোৰ্ট আছে বুলি অভিযোগ কৰাৰ লগতে অখিল গগৈকো ইছলামিক ৰাষ্ট্ৰৰ পৃষ্ঠপোষক বুলি মন্তব্য কৰে । তেওঁলোকে লাভ জেহাদৰ বিষয়টোৰ সন্দৰ্ভত কয় যে লাভ জেহাদত হিন্দু ধর্মৰ বিভিন্ন কাষ্টৰ ছোৱালীক ভাল পাই বিয়া পাতিলে তেওঁলোকক য়ুথ ফ’ৰামৰ ফালৰ পৰা টকা দিয়া হয় । কেৰেলা, তামিলনাডু, পাছত এইবাৰ অসমত হৈ আছে এই লাভ জেহাদ। এইয়া বন্ধ কৰিব লাগে।

ৰাম মন্দিৰৰ সন্দৰ্ভত কয় যে ৰাম মন্দিৰ হব লাগে কিন্তু বিজেপি চৰকাৰ শাসনত বহাৰ পাছত নিমাত হৈ আছে। ৰাম মন্দিৰৰ ওপৰত উচ্চতম ন্যায়ালয়ে উচিত ৰায় দিলেহে আমি উচ্চতম ন্যায়ালয়ক সন্মান দিম।

ইয়াৰোপৰি সাংবাদিক সকলক লৈও তেওঁলোকে কয় যে সাংবাদিকসকল চতুৰ্থ স্তম্ভৰ ব্যক্তি । তেওঁলোকক সুৰক্ষা দিয়াটো বিচাৰো । গতিকে উক্ত বিষয়বিলাকৰ সন্দৰ্ভত ২২ জুলাইৰ ভিতৰত প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব।