নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী, ২০২৬ : উৎসৱৰ সময়ত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ, ফেব্ৰুৱাৰী-মাৰ্চ ২০২৬ বৰ্যৰ সময়ছোৱাত চাৰি যোৰ হোলী বিশেষ ৰে’লৰ (Holi Special Rail) চলাচলৰ সময়সীমা বৃদ্ধি কৰা হৈছে। ৰে’ল নং ০৭০৪৬/০৭০৪৭ (ছেকেন্দ্ৰাবাদ-নাহৰলগুন-ছেকেন্দ্ৰাবাদ) আৰু ০৩১২৯/০৩১৩০ (কলিকতা টাৰ্মিনেল-নিউ জলপাইগুড়ী-কলিকতা টাৰ্মিনেল) উভয় দিশতে এটা অতিৰিক্ত ট্ৰিপৰ বাবে চলাচলৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

ৰে’ল নং ০৯১৮৯/০৯১৯০ (মুম্বাই চেন্ট্ৰেল-কাটিহাৰ-মুম্বাই চেন্ট্ৰেল) প্ৰতিটো দিশতে ছটা অতিৰিক্ত ট্ৰিপৰ বাবে আৰু সাপ্তাহিক বিশেষ ৰে’ল নং ০৪৬১৪/০৪৬১৩ (অমৃতচৰ-কাটিহাৰ-অমৃতচৰ) উভয় দিশতে তিনিটা অতিৰিক্ত ট্ৰিপৰ বাবে চলাচলৰ সময়সীমা বৃদ্ধি কৰা হৈছে। এই ৰে’লসমূহ বিদ্যমান সেৱা, সময়সূচী, সময়, গঠন আৰু ষ্টপেজৰ সৈতে চলিব। ৰে’ল নং ০৭০৪৬ (ছেকেন্দ্ৰাবাদ-নাহৰলগুন) সাপ্তাহিক বিশেষ ৰে’লখন ২৭ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে চলাচল কৰিবলৈ সম্প্ৰসাৰিত কৰা হৈছে, আৰু উভতনি যাত্ৰাত ৰে’ল নং ০৭০৪৭ (নাহৰলগুন-ছেকেন্দ্ৰাবাদ) সাপ্তাহিক বিশেষ ৰে’লখন ২ মাৰ্চ, ২০২৬ তাৰিখে চলাচলৰ বাবে বৃদ্ধি কৰা হৈছে।

একেদৰে, ৰে’ল নং ০৩১২৯ (কলিকতা টাৰ্মিনেল-নিউ জলপাইগুড়ী) সাপ্তাহিক বিশেষ ৰে’লখন ২৮ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে চলাচলৰ বাবে বৃদ্ধি কৰা হৈছে। উভতনি যাত্ৰাত ৰে’ল নং ০৩১৩০ (নিউ জলপাইগুড়ী-কলিকতা টাৰ্মিনেল) সাপ্তাহিক বিশেষ ৰে’লখন ১ মাৰ্চ, ২০২৬ তাৰিখে চলাচলৰ বাবে বৃদ্ধি কৰা হৈছে। আনহাতে, ২১ ফেব্ৰুৱাৰীৰ পৰা চলাচল কৰি থকা ৰে’ল নং. ০৯১৮৯ (মুম্বাই চেন্ট্ৰেল-কাটিহাৰ) প্ৰতি শনিবাৰে ২৮ মাৰ্চ, ২০২৬ লৈকে চলাচল কৰি থাকিব। উভতনি যাত্ৰাত  ৰে’ল নং ০৯১৯০ (কাটিহাৰ-মুম্বাই চেন্ট্ৰেল) সাপ্তাহিক বিশেষ ৰে’লখন ২৪ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চ, ২০২৬ লৈকে প্ৰতি মংগলবাৰে চলাচল কৰিবলৈ সম্প্ৰসাৰিত কৰা হৈছে।

ইয়াৰ লগতে, ৰে’ল নং ০৪৬১৪ (অমৃতচৰ-কাটিহাৰ) সাপ্তাহিক বিশেষ ৰে’লখন ২৫ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চ, ২০২৬ লৈকে প্ৰতি বুধবাৰে চলাচল কৰিবলৈ বৃদ্ধি কৰা হৈছে। উভতনি যাত্ৰাত ৰে’ল নং ০৪৬১৩ (কাটিহাৰ-অমৃতচৰ) সাপ্তাহিক বিশেষ ২৭ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চ, ২০২৬ লৈকে প্ৰতি শুকুৰবাৰে চলাচল কৰিবলৈ বৃদ্ধি কৰা হৈছে। এই ৰে’লসেৱাসমূহৰ বৃদ্ধিয়ে এই ৰে’লপথসমূহত চলাচল কৰা অন্যান্য ৰে’লত ৱেইটলিষ্ট যাত্ৰীসকলক উপকৃত কৰিব।

ই উত্তৰ-পূৱ, পূৰ্বাঞ্চল আৰু উত্তৰাঞ্চলৰ মাজত সংযোগ অধিক শক্তিশালী কৰি সুগম যাত্ৰা নিশ্চিত কৰাৰ লগতে আঞ্চলিক একত্ৰিতকৰণ আৰু উন্নয়নত সহায় আগবঢ়াব। এই বিশেষ ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচী বিশদ বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।