গুৱাহাটী, সংবাদ ৩৬৫, ২৫ জুন : ৰাজ্যৰ চিকিৎসালয়সমূহৰ পাছতে এইবাৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কঠোৰ নিৰ্দেশ ৰাজ্যৰ ৰাজ্যৰ হোটেল- ৰেস্তোৰালৈ । যিকোনো মুহূৰ্ততে বন্ধ হ’ব পাৰে মহানগৰীৰ অভিজাত হোটেল নন্দন, গ্ৰীণ ওড ৰিজৰ্ট, প্ৰিয়া পেলেচ, গ্ৰেণ্ড ষ্টাৰলাইন, ৰাজধানী ৰেজেন্সিকে ধৰি ৰাজ্যৰ ৭৪ খন হোটেল ৰেস্তোৰা । ৰাষ্ট্ৰীয় সেউজ নিৰ্দেশালয়ৰ নিৰ্দেশ পালন নকৰাৰ বাবে এনেদৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নিৰ্দেশনা জাৰি ৰাজ্যৰ হোটেল-ৰেস্তোৰালৈ ।

বৰ্জিত পানী আৰু নলা পৰিশোধন ব্যৱস্থাৰ বিজ্ঞান সন্মত পৰিশোধনৰ ব্যৱস্থা নথকা চিকিৎসালয়ৰ লগতে হোটেল-ৰেস্তোৰালৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে ।

ইফালে নিৰ্দিষ্ট সময়ৰ ভিতৰত ব্যৱস্থা ললেও ভৰিব লাগিব জৰিমনা। ইতিমধ্যে পৰিষদে জিলা প্ৰশাসন, সংশ্লিষ্ট বিভাগলৈ হোটেল-ৰেস্তোৰাসমূহৰ তালিকা প্ৰেৰণ কৰিছে । ইফফুলুৱেন্ট ট্ৰিটমেণ্ট প্লেন চমুকৈ ইটিপিৰ ব্যৱস্থা নথকাকৈয়ে বছৰ বছৰ ধৰি চলাই আহিছে চিকিৎসালয়ৰ লগতে হোটেল-ৰেস্তোৰাসমূহ । এনেদৰেই ৰাজ্যৰ হোটেল,ৰেস্তোৰা, চিকিৎসালয়সমূহে জনসাধাৰণলৈ কঢ়িয়াই আনিছে অশনি সংকেত । কিন্তু প্ৰশ্ন হয় প্ৰদূষণ পৰিষদৰ নিৰ্দেশনা মানিবনে হোটেল, ৰেস্তোৰা কিম্বা চিকিৎসালয়ৰ কৰ্তৃপক্ষই । নে নিৰ্দেশনা জাৰি কৰিয়েই কৰ্তব্য সামৰিব অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ?