গুৱাহাটী, সংবাদ ৩৬৫, ১৪ আগষ্ট : যোৱা ১৩ আগষ্টত মহানগৰীৰ হোটেল ঋতুৰাজত কৰ্মচাৰী হেমেন পাঠকৰ চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ । আৰক্ষীৰ প্ৰাথমিক তদন্তত এই ঘটনাক আত্মহত্যাৰ সন্দেহ । ইফালে পৰিয়ালৰ অভিযোগ এইয়া এক হত্যাকাণ্ড ।

উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ ভৰলুমুখৰ হোটেল ঋতুৰাজৰ কর্মচাৰী আছিল হেমেন পাঠক নামৰ যুৱকজন । যুৱকজনৰ ঘৰ কামৰূপ গ্ৰাম্যৰ ক্ষুদ্ৰ ডিমুত। পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি প্ৰায় ৮ বছৰ ধৰি হোমেন পাঠক কৰ্মচাৰী আছিল হোটেলখনৰ। যোৱা ১৩ আগষ্টত হোমেনৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল হোটেলখনৰ ৬ নম্বৰ মহলাত।

ইফালে পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ আগতেই ভৰলুমুখ আৰক্ষীয়ে মৃতদেহ নমাই আনি থানালৈ অনা কার্যত ক্ষোভিত হৈ পৰে পৰিয়ালৰ লোক ।

কোনো ধৰণৰ মানসিক অশান্তিত নথকা যুৱকজনৰ এই মৃত্যুক পৰিয়ালৰ লোকে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ তুলিছে আৰু সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি ভৰলুমুখ থানাত এখন এজাহাৰ দাখিল কৰে ।