হোজাই ,সংবাদ ৩৬৫, ৪ মাৰ্চ : হোজাই জিলাৰ কাকী আৰক্ষী থানাৰ অন্তৰ্গত জাজৰী ব্লকত ৩ তাৰিখ দেওবাৰে ৰাতি প্ৰায় ৯:৪৫ মান বজাত মুকুট আলি নামৰ এজন লোকে ঘৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰি বাহিৰলৈ ওলাই আহে। ক্ষন্তেক সময়ৰ পিছতে বাহিৰত মুকুটৰ মৰণ কাতৰ আৰ্তনাদ শুনি পত্নী গৰাকী বাহিৰলৈ ওলাই আহে। ওলাই আহি দেখে যে ঘৰৰ ওচৰৰে ধন আলি সহ কেইবাগৰাকী লোকে মুকুট আলিক চোকা অস্ত্ৰৰে ঘপিয়াই আছে। মুকুট আলিযে ঘাটকৰ পৰা ৰক্ষা পাবলৈ নিজৰ ঘৰৰ ভিতৰত সোমাই যায় যদিও ঘাটকৰ দলে মুকুট আলিক ঘৰৰ ভিতৰতো আক্ৰমণ কৰে।
এই ঘটনা সংঘটিত হয় মুকুট আলিৰ পত্নীৰ সন্মুখতেই । মুকুট আলিৰ পত্নীয়ে ঘাটকৰ দলটোক বহুতো কাকুতি- মিনটি কৰে কিন্তু ঘাটকৰ দলটোৱে মুকুটক প্ৰাণে মাৰিহে ঘৰৰ পৰা ওলাই আহে।
এই ঘটনাৰ পিছতেই মুকুট আলিৰ পত্নীয়ে গাঁৱত থকা গাওঁ ৰক্ষী বাহিনীক খবৰ দিয়ে। খবৰ দিয়াৰ পিছত আৰক্ষী উপস্থিত হয় ঘটনাস্থলিত। আৰক্ষীয়ে সোধা-পোচাৰ বাবে মতিবুৰ ৰহমান আৰু আব্দুল ৰচিদক নামৰ ব্যক্তি দুজনক আতক কৰে।
জানিব পৰা অনুসৰি ২০০৯ চনত মুকুট আলি আৰু ওচৰ চুবুৰীয়া ধন আলিৰ পৰিয়ালৰ লগত মাটি- বাৰী সংক্ৰান্তত সংঘাত আছিল। উক্ত মুকুট আলিয়ে ধন আলিৰ ককায়েক লুটফুৰ ৰহমানক প্ৰায় দুবছৰ আগতে অৰ্থাৎ ২০১৭ তাৰিখে হত্যা কৰিছিল। ইয়াৰ পিছত পুলিচে মুকুটৰ স্বীকাৰোক্তিৰ ভিত্তিত লুটফুৰৰ মৃতদেহ নদীত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিছিল।
দেওবাৰে সংঘটিত হৈ যোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডটোত আগৰ হত্যাকাণ্ডৰ কথা জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে।