মানকাচৰ : ভাৰত-বাংলাদেশ সীমান্তত মাটিৰ তলৰ পৰা ওলাল ট্রাংক ভৰ্তি গাঞ্জা। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ ভাটি ঝগৰাৰচৰ গাঁৱত মাটিৰ তলত পৰা ওলাল ট্রাংক ভৰ্তি গাঞ্জা। বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত মানকাচৰ আৰক্ষী আৰু চি আৰ পি এফে যৌথ অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা।

মানকাচৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত চি আৰ পি এফৰ সহযোগত ভাটি ঝগৰাৰচৰ গাঁৱৰ ছাফিৰ উদ্দীনৰ পুত্ৰ কাচ্চু মিঞাৰ ঘৰত পুৱতি নিশা ড্ৰাগছ বিৰোধী অভিযান চলায়। অভিযানৰ উমান পাই কাচ্চু মিঞা ঘৰৰ পৰা পলায়ন কৰে যদিও তেওঁৰ ঘৰৰ চোতালত মাটিৰ তলৰ পৰা আৰক্ষীয়ে ট্রাংক ভৰ্তি ২২.৭০০ কেজি ওজনৰ গাঞ্জা জব্দ কৰে।

গাঞ্জা ব্যৱসায়ীজনে মাটি খান্দি গাঞ্জাখিনি এটা ট্ৰাংকত ভিতৰত ৰাখিছিল। আৰক্ষীয়ে মাটি খান্দি গাঞ্জাখিনি জব্দ কৰাৰ লগতে গাঞ্জা ব্যৱসায়ীজনক কৰায়ত্ব কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে। জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ অঞ্চলত এটা দুষ্ট চক্ৰই দীৰ্ঘদিনৰ পৰা বাংলাদেশত ড্ৰাগছ সৰবৰাহ কৰি আহিছে।

সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেৰে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰী দলিয়াই একাংশ সৰবৰাহ কাৰীয়ে ড্ৰাগছ সৰবৰাহ কৰে। ভাৰতৰ ফালৰ পৰা কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি সৰবৰাহ হোৱা ড্ৰাগছ বাংলাদেশৰ ফালৰ পৰা সংগ্ৰহ কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই থকা বুলি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰায় জানিবলৈ দিয়ে।