ৰঙিয়া, সংবাদ ৩৬৫, ১০ জুলাই : আজি ৯ দিন ধৰি এগৰাকী ন-কইনাই ৰঙিয়া চহৰত স্বামীক বিচাৰি হাহাকাৰ কৰি থকা দেখা গৈছে । প্ৰাপ্য তথ্য মতে চাৰি মাহ পূৰ্বে ৰঙিয়া বনগাওঁৰ বিনন্দ কলিতাৰ তৃতীয় কন্যা ৰুমি কলিতাক বাক্সা জিলাৰ তামোলপুৰ মহকুমাৰ অন্তৰ্গত বৰঘুলি- মোৱামাৰী গাঁৱৰ সোমবাৰ বড়োৰ পুত্ৰ খাদাৰাম বড়োৰ লগত বিবাহ পাশত আবদ্ধ হয় ।

বিবাহৰ পিছত দুয়োটা পৰিয়ালৰ মাজত ভাল সম্পৰ্ক চলি আছিল । ১২ দিন পূৰ্বে ন-কইনাই ৰঙিয়াত থকা মাতৃৰ গৃহত অহাৰ তিনিদিন পিছৰ পৰা স্বামী সন্ধানহীন হয় । পিছত পত্নীয়ে এই খবৰ পোৱাৰ পিছতে স্বামী গৃহত উপস্থিত হয় । কিন্তু পৰিয়ালটোত থকা খাদাৰাম বড়োৰ একমাত্ৰ মাতৃয়ে পুত্ৰ নোহোৱা হোৱা কথাটো বোৱাৰীক জনিব দিয়ে লগতে ইয়াকো উল্লেখ কৰে পুত্ৰই ৰঙিয়াত থকা বোৱাৰীৰ মাতৃ গৃহলৈ গৈছে । ন-কইনাই উপায় হীন হৈ আকৌ ৰঙিয়ালৈ আহে যদিও স্বামীক লগ নাপায় ।

ইতিমধ্যে ৯ দিন উকলি যোৱাৰ পাছতো স্বামীক বিচাৰি পোৱা নাই পত্নীয়ে । এতিয়া ন-কইনাই প্ৰতিদিনে ৰাতিপুৱা হলেই গোটেই দিনটো স্বামীক বিচাৰি ফুৰে । স্বামীয়ে কথা কব নোৱাৰে কিন্তু আনে কোৱা কথা সকলো শুনা পায় । ইংগিতৰে উত্তৰ দিয়ে । এতিয়া ন-কইনা ৰুমি কলিতাই সকলো ৰাইজৰ সহায় বিচাৰিছে কোনোবা সদাসয় ব্যক্তিয়ে স্বামী খাদাৰাম বড়োৰ কিবা সম্ভেদ পালে তলৰ ৮৪৮৬৪০৯৪৭৬ আৰু ৭৪৪৮০৭১৮৩২ নম্বৰটোত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে ।