নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ নৱেম্বৰ : মানৱ সমাজক লজ্জানত কৰা পশু চিকিৎসক প্ৰিয়ংকা ৰেড্ডীৰ ধৰ্ষণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশতে । ধৰ্ষণ কৰি জ্বলাই দিয়া হ’ল ২৬ বছৰীয়া পশু চিকিৎসকগৰাকীক ।

প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰৰ নিশা প্ৰায় ৯ মান বজাত কৰ্তব্য সমাপন কৰি স্কুতিৰে আহি আছিল প্ৰিয়ংকা । হায়দৰাবাদ – বাংগালুৰু নেচনেল হাইৱে পথৰ শ্ব’মছাবাদ নামৰ ঠাইত ডা° প্ৰিয়ংকাৰ স্কুটীৰ চকা পামচাৰ হৈ যায় ৷ প্ৰিয়ংকাৰ ভগ্নীক সেই সম্পৰ্কে ফোনত খবৰ দি কয় যে কেইজনমান লোক সহায়ৰ বাবে আগবাঢ়ি আহিছে । আৰু তেনেদৰে কৈয়ে ফোনৰ সংযোগ বিছিন্ন কৰি দিয়ে । বহু সময় ধৰি প্ৰিয়ংকাৰ কোনো খবৰ নোপোৱাত আৰক্ষীক খবৰ দিয়ে ।

পাছদিনা পুৱা প্ৰায় ৫ মান বজাত এজন গাখীৰৱালাৰ খবৰৰ ভিত্তিত পৰিয়ালৰ মানুহ আৰু আৰক্ষীয়ে ২৫ কি মি দূৰৈৰ এখন পৰিত্যক্ত ঠাইত ফ্লাইঅভাৰৰ তলত ডা° প্ৰিয়ংকা ৰেড্ডীৰ জ্বলি যোৱা মৃতদেহতো উদ্ধাৰ কৰে৷

পষ্টমৰ্টেমৰ পিছত গম পোৱা যায় যে তেওঁক জীয়াই জীয়াই জ্বলাই হত্যা কৰাৰ আগতে ধৰ্ষণ কৰা হৈছিল ৷

শেহতীয়া খবৰ অনুসৰি উক্ত ঘটনাৰ লগত জড়িত ৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । অভিযুক্ত কেইজন ক্ৰমে মহম্মদ পাছা, কেশাভুল্লু ,শিবা, আৰু নবীন ।