গুৱাহাটী, ২ জানুৱাৰী, ২০২৪ : মহানগৰী গুৱাহাটীত এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যু। মহানগৰীৰ পল্টন বজাৰস্থিত এখন হোটেলত আই আই টি’ৰ (IIT) ছাত্ৰীৰ ৰহস্যজনক মৃত্যু। ছাত্ৰী গৰাকীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ। ৩১ ডিচেম্বৰৰ নিশা জি এছ ৰোডৰ এখন বাৰত পাৰ্টী কৰিছিল ছাত্ৰী গৰাকী। যুৱতী গৰাকীৰ লগত আছিল দুজন যুৱক।

মহানগৰী গুৱাহাটীত পুনৰ এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱতী গৰাকী আই আই টি, গুৱাহাটীৰ ছাত্ৰী বুলি জানিব পৰা গৈছে। ১ জানুৱাৰীত পুৱা ভাগত পল্টন বজাৰস্থিত এখন হোটেলত যুৱতী গৰাকী অচেতন অৱস্থাত উদ্ধাৰ হৈছিল। হোটেলখনৰ বাথৰুমত অচেতন অৱস্থাত ছাত্ৰী গৰাকীৰ উদ্ধাৰ কৰা হৈছিল।

পৰৱৰ্তী সময়ত ছাত্ৰী গৰাকীক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে ছাত্ৰী গৰাকীক মৃত বুলি ঘোষণা কৰে। জানিব পৰা মতে, ৩১ ডিচেম্বৰৰ নিশাৰ ভাগত ছাত্ৰী গৰাকী দুজন যুৱকৰ লগত জি এছ ৰোডৰ এখন বাৰত পাৰ্টী কৰিছিল। ইয়াৰ পিছতে পল্টন বজাৰস্থিত এখন হোটেলত দুই যুৱক আৰু আন এগৰাকী যুৱতীৰ সৈতে নিশা অতিবাহিত কৰিছিল।দুটাকৈ কোঠা লৈ চাৰি বন্ধু নিশা অতিবাহিত কৰিছিল পল্টন বজাৰৰ হোটেলত।

১ জানুৱাৰীৰ পুৱাৰ ভাগত আই আই টি, গুৱাহাটীৰ ছাত্ৰী গৰাকী হোটেলৰ কোঠাৰ বাথৰুমত অচেতন অৱস্থাত উদ্ধাৰ হয়। লগে লগে ছাত্ৰী গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে ছাত্ৰী গৰাকীক মৃত বুলি ঘোষণা কৰে। ছাত্ৰী গৰাকীৰ লগত থকা যুৱক দুজনো আই আই টি, গুৱাহাটী ছাত্ৰ বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত পল্টন বজাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে যুৱক দুজনকো জেৰা চলাইছে।

ইফালে হোটেলখনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে ৩১ ডিচেম্বৰৰ নিশা অত্যাধিক নিচা সেৱন কৰি হোটেললৈ আহিছিল আটাইকেইজন। অত্যাধিক নিচা সেৱনৰ ফলতে ছাত্ৰী গৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ছাত্ৰী গৰাকী তেলেংগানাৰ বুলি জানিব পৰা গৈছে। ছাত্ৰী গৰাকীৰ লগত থকা যুৱক দুজনে তেলেংগানাৰ। আৰক্ষীৰ তদন্তৰ পিছতে ছাত্ৰী গৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব। এই ঘটনাই মহানগৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।