নলবাৰী, ৩১ মেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান প্ৰাপ্ত নলবাৰীৰ ৰিপুঞ্জয় শৰ্ম্মাৰ ভৱিষ্যতে এজন আইআইটিৰ স্নাতক হোৱাৰ মন৷ নলবাৰীৰ জামিনী চকৰ তপন শৰ্ম্মা আৰু দীপালি দেৱীৰ পুত্ৰ ৰিপুঞ্জয় । পিতৃ বনগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ বিষয় শিক্ষক আৰু মাতৃ বনভাগ জুনিয়ৰ কলেজৰ ভূগোল বিভাগৰ প্ৰৱক্তা৷ ৰিপুঞ্জয়ে দৈনিক দহ ঘন্টা কৈ অধ্যয়ন কৰিছিল৷ বেডমিন্টন খেলি ভাল পোৱা এইজন কৃতি ছাত্ৰৰ সাফল্যত বিভিন্ন দল সংগঠনে সম্ভাষণ জনাই উজ্বল ভৱিষ্যতৰ কামনা কৰিছে৷