নিউজ ডেস্ক, ২১ আগষ্ট, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ বৃহৎ সাফল্য। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা নিয়মীয়া তালাচীৰ সময়ত ২২৫ জন অবৈধ প্ৰব্ৰজনকাৰী (Illegal Immigrants) আটক। চলিত বৰ্ষত বৰ্তমানলৈকে ২২৫ জন অবৈধ প্ৰব্ৰজনকাৰীক জালত পেলাবলৈ সক্ষম হৈছে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে।

অবৈধ প্ৰব্ৰজনকাৰী (বাংলাদেশী আৰু ৰহিংগীয়া) চিনাক্ত কৰাৰ যুঁজ অব্যাহত ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২০২৪ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ১৫ আগষ্ট পৰ্যন্ত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ষ্টেচনত তালাচী চলাই ২২৫ জন অবৈধ প্ৰব্ৰজনকাৰী আৰু ১৬ জন ভাৰতীয় এজেণ্টক আটক কৰিবলৈ সক্ষম হৈছে। চলিত মাহৰ ১৫ আগষ্ট পৰ্যন্ত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২২ জন অবৈধ প্ৰব্ৰজনকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।

২০২৪ বৰ্ষৰ ১ আগষ্টত আগৰতলাৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে জিআৰপি/আগৰতলাৰ সৈতে যুটীয়াভাৱে আগৰতলা ৰে’ল ষ্টেচনত নিয়মীয়া তালাচী চলায়। তালাচীৰ সময়ত অভিযানকাৰী দলটোৱে ষ্টেচন চৌহদত ১০ জন সন্দেহজনক ব্যক্তি চিনাক্ত কৰে। ইয়াৰে ৩ গৰাকী মহিলা আৰু ৭ জন পুৰুষ। সোধা-পোছাৰ পিছত, সন্দেহজনক মহিলা ৩ গৰাকী আৰু পুৰুষ ৭ জনে ভ্ৰমণৰ কোনো সঠিক তথ্য প্ৰদান কৰিব নোৱাৰে আৰু কোনো বৈধ নথি পত্ৰ দেখুৱাবলৈ সক্ষম নহয়।

পিছত সন্দেহজনক লোকৰ দলটোৱে স্বীকাৰ কৰে যে তেওঁলোক বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছে আৰু ৰে’লযোগে দিল্লীলৈ যোৱাৰ পৰিকল্পনা কৰিছিল। অভিযানকাৰী দলটোৱে সকলো অবৈধ প্ৰব্ৰজনকাৰীক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আগৰতলাৰ চৰকাৰী ৰে’লৱে আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত গতাই দিয়া হয়।

ইয়াৰ পূৰ্বে ২০২৪ বৰ্ষৰ ২ আৰু ২৩ জুলাইত আগৰতলা ষ্টেচনৰ পৰা ক্ৰমে ১১ আৰু ৪ জন অবৈধ প্ৰব্ৰজনকাৰীক আটক কৰা হৈছিল। ষ্টেচন আৰু ৰে’লত অবৈধ প্ৰব্ৰজনকাৰী, ৰহিংগীয়া আৰু সন্দেহযুক্ত লোকসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে নিয়মীয়াকৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। কৰ্ত্তব্যৰত ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে এনে ধৰণৰ যিকোনো ধৰণৰ সন্দেহজনক গতিবিধি চিনাক্ত কৰিবলৈ বিভিন্ন স্তৰত সতৰ্ক হৈ থাকে।