নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ জুলাই : বতৰ বিজ্ঞান কেন্দ্ৰই জাননী দিয়া অনুসৰিয়েই বিশ্বকাপৰ ছেমি ফাইনেল বৰষুণৰ বাবে স্থগিত হ’ল । প্ৰথমখন বিশ্বকাপ ছেমি ফাইনেলত ভাৰতৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছিল নিউজিলেণ্ড । টছত জয়ী হৈ নিউজিলেণ্ডে প্ৰথম বেটিং কৰি খেল স্থগিত হোৱাৰ সময়লৈকে নিউজিলেণ্ডে ৪৬.১ অভাৰত ৫ উইকেটত ২১১ ৰাণ সংগ্ৰহ  কৰিছিল। আজি খেলখন পুনৰ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

ইফালে, বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আজিও মানচেষ্টাৰত বৰষুণ হোৱাৰ সম্ভাৱনা আছে । যদি বৰষুণৰ বাবে আজিও খেল অনুষ্ঠিত কৰিব পৰা নাযায়,তেনেহলে ভাৰতে লীগ পৰ্যায়ত থকা পইণ্টৰ ব্যৱধানৰ বাবে ফাইনেলত প্ৰৱেশ কৰিব ।

উল্লেখযোগ্য যে বিশ্বকাপৰ পইন্টৰ তালিকাত প্ৰথম স্থান অধিকাৰ কৰি আহিছে ভাৰতে আৰু নিউজিলেণ্ডে চতুৰ্থ স্থান অধিকাৰ কৰি আহিছে । খেলখনৰ বাবে উদ্বিগ্ন ক্ৰিকেট অনুৰাগী।