গুৱাহাটী, ১৫ আগষ্ট, ২০২৪ : দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস (Independence Day) উপলক্ষে আজি গণেশগুৰিস্থিত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচী ৰূপায়ন কৰা হয়। আৰম্ভণিতে পুৱা ৯-৩০ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে। পতাকা উত্তোলন আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ পাছত স্বাধীনতা সংগ্ৰামৰ গৌৰৱময় ইতিহাসৰ লগতে ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ বীৰ সেনানী সকলৰ স্মৃতি ৰোমন্থন কৰে ডাঃ চৌধুৰীয়ে।

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰা আপৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই ভাৰতবৰ্ষৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। তদুপৰি দলৰ ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে ঔপনিৱেশিক ব্ৰিটিছসকলৰ হাতৰ পৰা দেশক মুক্ত কৰাৰ উদ্দেশ্যে যি সকল মহৎ স্বাধীনতা সংগ্ৰামীয়ে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰিলে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি বন্তি প্ৰজ্বলন কৰে। ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী উপলক্ষে আয়োজিত বক্তৃতা অনুষ্ঠানত স্বাধীনতা আন্দোলনৰ ইতিহাস সুঁৱৰি ভাষণ দিয়ে আপৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ সহযোগী আহ্বায়ক মনোজ ধানোৱাৰ আৰু দলৰ সামাজিক মাধ্যমৰ তত্বাৱধায়ক পুনম গগৈয়ে।

কাৰ্যসূচীত ৰাজ্যিক সম্পাদক ভিক্টৰ গগৈ, অম্লানজ্যোতি হাতীবৰুৱা, জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজা, সৌমিক সেনগুপ্ত, দিতুল বৰুৱা, প্ৰৱীণ শৰ্মা, জাৰবম কুটুম, ৰামা পৰিহাৰ, বল্লভ পাত্ৰৰ উপৰি বহুকেইগৰাকী কৰ্মকৰ্তা উপস্থিত থাকে। বিস্তৃত কাৰ্যসূচীৰে পালন কৰা অনুষ্ঠানত দলীয় কৰ্মী সকলৰ একাংশই গীত-নৃত্য পৰিবেশন কৰে। আকৰ্ষণীয় অনুষ্ঠানত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি কবিতা আবৃত্তি কৰে বহুকেইগৰাকী কবিয়ে। তদুপৰি মহানগৰীৰ কেইবাখনো বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা। ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ এই বিস্তৃত কাৰ্যসূচীৰ আঁত ধৰাৰ মাজে মাজে স্বৰচিত দেশপ্ৰেমমূলক কবিতাৰে অনুষ্ঠান জীপাল কৰি তোলে আপৰ যুৱনেতা ৰুদ্ৰাংকুৰ হাজৰিকাই।