গুৱাহাটী, সংবাদ ৩৬৫, ১৩ আগষ্ট : স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন । ৭৩ সংখ্যাক স্বাধীনতা দিৱসক আদৰিবলৈ সাজু সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসী । স্বাধীনতা দিৱসক লক্ষ্য কৰি যাতে কোনো দুৰ্বৃত্তই কুটাঘাত মুলক কাৰ্য কৰিব নোৱাৰে তাক লৈ সষ্টম হৈছে চি আই এচ এফৰ লগতে মহানগৰ আজাৰা আৰক্ষী ।

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰতো তীব্ৰ কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী । চি আই এচ এফ আৰু বৰঝাৰ আৰক্ষীয়ে তন্ন-তন্নকৈ পৰীক্ষা কৰিছে সকলো ধৰণৰ গাড়ীৰ আৰু যাত্ৰীৰ বেগসমুহ ।

বিমানবন্দৰ চৌহদত স্নিফাৰ ড’গৰেও চলাইছে তালাচী । নিৰাপত্তাৰ মাজত যাতে কোনো সুৰুঙা ৰৈ নাযায় তাক লৈও সষ্টম চি আই এচ এফ আৰু আৰক্ষী । বিমানবন্দৰ চৌহদত দিনে-নিশাই পহৰা তথা তালাচী দি আছে চি আই এচ এফ আৰু আৰক্ষীয়ে । অহা ২০ আগষ্ট লৈ জাৰি কৰা হৈছে বিমানবন্দৰত হাই এলাৰ্ট ।