গুৱাহাটী, সংবাদ ৩৬৫, ১৪ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ২০ গৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিকলৈ পেঞ্চন আগবঢ়াইছে ৰাজ্য চৰকাৰে । ২০১৯ ৰ ১ এপ্ৰিলৰ পৰা নিৰ্বাচিত সাংবাদিকসকলে লাভ কৰিব পেঞ্চন। তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰকাশ কৰা হৈছে পেঞ্চন লাভ কৰা নিৰ্বাচিত সাংবাদিকৰ তালিকা। প্ৰতিমাহে ৮,০০০ টকাকৈ লাভ কৰিব সাংবাদিককেইগৰাকীয়ে ।

ৰাজ্য চৰকাৰৰ পৰা পেঞ্চন পোৱা এই সাংবাদিকসকল হৈছে ক্রমে- কামৰূপ মহানগৰৰ উদয় শংকৰ বৰগোহাঁই, সত্যনাৰায়ণ মিশ্ৰ,পদ্মেশ্বৰ চিত্ৰকৰ, সঞ্জয় বৰকটকী, বলেন্দ্ৰ কলিতা, চম্পক বৰবৰা, ইমৰান হুছেইন , দীপাংকৰ ৰয় ।

তিনিচুকীয়াৰ পেঞ্চন প্ৰাপক সাংবাদিকসকল হৈছে ক্ৰমে অমূল্য খাটনিয়াৰ, হিমেন ভট্টাচাৰ্য, জিতেন শৰ্মা ।

ডিব্ৰুগড়ৰ ইকবল আহমেদ । যোৰহাটৰ অৰুণ কুমাৰ দাস, হৰেন শৰ্মা । শোণিতপুৰৰ নাথমল তীব্ৰেৱালা, ওদালগুৰিৰ ক্ৰমে পৱন হাজৰিকা, ৰঞ্জিত কুমাৰ দাস আৰু কৰিমগঞ্জৰ দীপক দাস । বিশ্বনাথ চাৰিআলীৰ ঘনকান্ত দাস আৰু নগাঁওৰ কিৰণ কুমাৰ মুখাৰ্জী ।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ২০১৭-১৮ বৰ্ষৰ পৰাই ৰাজ্যৰ অৱসৰপ্ৰাপ্ত সাংবাদিকৰ বাবে পেঞ্চনৰ আঁচনি ৰূপায়ণ কৰিছে ।