জনীয়া, সংবাদ ৩৬৫, ১৪ আগষ্ট : পোন প্ৰথমবাৰৰ বাবে মুম্বাইৰ আল – আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ উদ্যোগত আয়োজিত ভাৰতৰ ৭৩ তম স্বাধীনতা দিৱস পালন কৰাৰ বাবে প্ৰস্তুতি চলিছে চৌদি আৰৱৰ পবিত্ৰ মক্কাত ।

দেশত নহয় বিদেশত স্বাধীনতা দিৱস পালনৰ বিষেক প্ৰস্তুতি। সুদূৰ চৌদি আৰবৰ পবিত্ৰ মক্কাত স্বাধীনতা দিৱস পালন কৰিবলৈ সাজু হৈছে অসমৰ হজযাত্ৰী দল। কান্ধত অসমীয়া গামোচা লৈ অসমৰ হজযাত্ৰীয়ে চৌদি আৰবত উদযাপন কৰিব দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস।

দেশৰ লগতে ৰাজ্যত চলিছে স্বাধীনতা দিৱসৰ ব্যপক প্ৰস্তুতি। তাৰ মাজতে অসমৰ পৰা যোৱা হজযাত্ৰী দলে চৌদি আৰবত পবিত্ৰ মক্কাত দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে। মক্কাৰ আজিজীয়াৰ হোটেলে হোটেলে অসমৰ হজযাত্ৰী সকলৰ মাজত এই প্ৰস্তুতি চলি আছে।