সংবাদ৩৬৫,২৮ফেব্ৰুৱাৰী: ভাৰত–পাকিস্তান সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত নিশা পুনৰ পাকিস্তানৰ গুলীবৰ্ষণ। পুঞ্চ আৰু আখনুৰ ছেক্টৰত ধাৰাসাৰ গুলীবৰ্ষণ। গুলীৰে উচিত প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ। বুধবাৰে সন্ধিয়াও এল অ চিৰ ৰাজৌৰী জিলাৰ মেন্ধৰ আৰু কৃষ্ণা ঘাটি ছেক্টৰত যুদ্ধবিৰতি চুক্তি উলংঘন কৰে পাকিস্তানে। ভাৰতলৈ লক্ষ্য কৰি মৰ্টাৰ নিক্ষেপ পাকিস্তানৰ। ভাৰতীয় সেনাই দিয়া প্ৰত্যুত্তৰত ধ্বংস হয় পাকিস্তানৰ কেইবাটাও চকী।

আনহাতে, পুলৱামা কাণ্ডৰ পিছত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ সৈতে থিয় দিছে আমেৰিকা, ব্ৰিটেইন আৰু ফ্ৰাঞ্চ। সংবাদ সংস্থা ৰয়টাৰ্ছৰ সূত্ৰ অনুসৰি, পাকিস্তান পালিত সন্ত্ৰাসবাদী সংগঠন জঈছ–ঈ–মহম্মদক ব্লেকলিষ্টেড কৰিবলৈ বুধবাৰে ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদত প্ৰস্তাৱ দিয়ে আমেৰিকা, ব্ৰিটেইন আৰু ফ্ৰাঞ্চে। ইয়াৰ পূৰ্বেও আমেৰিকাই ভাৰতক সমৰ্থন কৰি পাকিস্তানক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ সকীয়াই দিছিল।

বৰ্তমান সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতিত কম্পিত পাকিস্তান। ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পিছতে পাকিস্তানে বন্ধ কৰিছে সকলো বিমানৰ উৰণ। এ এন আইৰ সূত্ৰ অনুসৰি, পাকিস্তান চিভিল এভিয়েচন অথৰিটীয়ে পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত সকলো ঘৰুৱা আৰু আন্তৰ্জাতিক বিমান সেৱা বন্ধ ৰখাৰ ঘোষণা কৰিছে। ইফালে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জল, স্থল আৰু বায়ুসেনাৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হৈ তিনিওটা বাহিনীক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে।