নিউজ ডেস্ক, ৩১ ডিচেম্বৰ, ২০২৪ : ইণ্ডিয়ান ছুপাৰ লীগ (ISL) ২০২৪-২৫ ছিজনৰ ১৪ সংখ্যক মেচ সপ্তাহৰ শেষ হোৱাৰ লগে লগে পূৰ্বৰ ছিজনৰ তুলনাত আক্ৰমণাত্মক, ডিফেন্সিভ আৰু সামগ্ৰিক কৌশলগত ধাৰাসমূহৰ উল্লেখযোগ্য পৰিৱৰ্তন দেখা গৈছে৷ পৰিসংখ্যাই ৰোমাঞ্চ আৰু উত্তেজনাৰ এখন জীৱন্ত ছবি প্ৰতিফলিত কৰাই নহয়, অধিক অন্বেষণৰ সুন্দৰ কাহিনীভাগৰ ভেটিও স্থাপন কৰা দেখা গৈছে৷ মূলত তিনিটা দিশৰ তথ্যৰ পৰাই এইবাৰৰ আই এছ এল দৰ্শকৰ বাবে কিমান উপভোগ্য হৈছে সেয়া বিশ্লেষণ কৰিলে গম পোৱা যায়৷

এইবাৰ ১৪ সংখ্যক মেচ সপ্তাহৰ সামৰণিত গ’লৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে৷ এতিয়ালৈকে লীগত মুঠ ২৫২ টা গ’ল হৈছে৷ স্মৰ্তব্য যে যোৱা ছিজনত একে সময়তে ২০৪ টা গ’ল হৈছিল৷ অৰ্থাৎ ২৩.৫৩ শতাংশ বৃদ্ধি৷ এই উত্থানৰ ফলত অধিক আক্ৰমণাত্মক ফুটবলৰ দিশত সামূহিক পৰিৱৰ্তন লীগত ঘটিছে৷ মুলতঃ চাৰিটা দলে ২৫ টাতকৈ অধিক গ’ল কৰাত সফল হৈছে৷ এতিয়ালৈকে নৰ্থইষ্ট ইউনাইটেড এফ চিয়ে ২৯ টা, বেংগালুৰু এফ চিয়ে ২৭ টা, মোহন বাগান ছুপাৰ জায়েণ্টে ২৬ টা আৰু উৰিষ্যা এফ চিয়ে ২৫ টা গ’ল কৰিছে৷ আটাইতকৈ উল্লেখযোগ্য পৰিৱৰ্তন হ’ল প্ৰতিখন মেচত গড় গ’লৰ বৃদ্ধি৷

যোৱা ২০২৩-২৪ ছিজনৰ ২.৫৫ ৰ পৰা এই ছিজনত এয়া তিনিটালৈ বৃদ্ধি পাইছে৷ ইফালে, ব্যক্তিগত খেলুৱৈৰ আক্ৰমণাত্মক দক্ষতাৰ উন্নতি এইবাৰ বিশেষভাৱে পৰিস্পুট হৈ পৰিছে৷ নৰ্থইষ্ট ইউনাইটেড এফ চিৰ আলাউদ্দিন আজাৰাই এইদিশত শীৰ্ষত আছে৷ মৰক্কোৰ তাৰকাগৰাকীয়ে ১৩ খন খেলত ১৪ টা গ’ল কৰাৰ লগতে চাৰিটা গ’ল কৰাত সতীৰ্থক সহায় কৰিছে৷ ইতিমধ্যে যোৱা ছিজনৰ শীৰ্ষ স্ক’ৰাৰ ৰয় কৃষ্ণক আজাৰায়ে অতিক্ৰম কৰিছে৷ এই পৰ্যায়ত কৃষ্ণই ১৫ খন মেচত ১১ টা গ’ল দিছিল৷ লীগৰ আক্ৰমণাত্মক উত্থানে ডিফেন্সতো অভিলেখ সৃষ্টি কৰিছে৷ ২০২৩-২৪ চনত ক্লীন শ্বীট ৪৪ হোৱাৰ বিপৰীতে এইবাৰ ২০২৪-২৫ চনত ৪৩৷ ইয়াৰে মোহন বাগান ছুপাৰ জায়েণ্টৰ ছয় তথা বেংগালুৰু এফ চি আৰু মুম্বাই চিটি এফ চিৰ পাঁচ৷ লক্ষ্যনীয়ভাবে ক্লিন শ্বীটৰ ধাৰাটোৱে দলসমূহৰ উন্নত আক্ৰমণাত্মক দক্ষতাক উজ্জল কৰি তুলিছে৷

এই পৰিসংখ্যাত আলবাৰ্টো ৰড্ৰিগেজ , নাথান ৰড্ৰিগেজ , ৰিয়ান উইলিয়ামছ , সুনীল ছেত্ৰী আৰু আছমিৰ চুলজিচৰ দৰে খেলুৱৈয়ে এইবাৰ ফিনিছিং দক্ষতাৰ মানদণ্ড নিৰ্ধাৰণ কৰিছে৷ ইষ্ট বেংগল এফ চিয়ে সৰ্বাধিক ক্লীন শ্বীট ৰখা দলসমূহৰ ভিতৰত চতুৰ্থ স্থানত আছে, তেওঁলোকে চাৰিখন মেচৰ ভিতৰত তিনিখন খেলত গল কৰা নাই৷ ইফালে, খেলৰ অন্তিম পৰ্যায়ত গ’ল বৃদ্ধি এইবাৰ আন এক অনন্য ঘটনা৷ ২০২৩-২৪ বৰ্ষৰ তুলনাত, য’ত প্ৰথম ১৪টা মেচ উইকত ৮৫ মিনিটত আৰু পিছত ২৪টা গ’ল দিয়া হৈছিল৷ চলিত ছিজনত ইতিমধ্যে সেই একে সময়ছোৱাত ৩৪ টা গ’ল দিয়া হৈছে৷ মেচৰ অন্তিম ক্ষণত গল কৰাৰ শক্তিয়ে দেখুৱাইছে যে সময় শেষ হৈ যোৱাৰ পাছতো দলসমূহে জয়ৰ বাবে অপ্ৰান চেষ্টা কৰিছে৷

তদুপৰি আই এছ এল ২০২৪-২৫ত এতিয়ালৈকে ১৬ টা কামবেক জয়ে দলসমূহৰ প্ৰত্যাৱৰ্তন দক্ষতাক প্ৰদৰ্শন কৰিছে৷ বিশেষকৈ দ্বিতীয়াৰ্ধত যেতিয়া বিৰোধীৰ কৌশলগত ভুলে আনটো দলক জয় দিছে৷ ২০২৪-২৫ চনৰ আই এছ এল ছিজনটোৱে লীগৰ ইতিহাসৰ অন্যতম ৰোমাঞ্চকৰ ছিজন হিচাপে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছে৷ সময় আগবাঢ়ি যোৱাৰ লগে লগে এই মূল ধাৰাসমূহ অধিক উত্তৰণ হ’ব যিয়ে লীগক চৰম পৰ্যায়ৰ ফুটবল মনোৰঞ্জনৰ নতুন ৰূপ দিব৷