নিউজ ডেস্ক : টকিঅ’ অলিম্পিকত উজ্বলিছে ভাৰতৰ মহিলা খেলুৱৈ। ভাৰতৰ পুৰুষ খেলুৱৈৰ তুলনাত অধিক সাফল্য লাভ কৰিছে ভাৰতৰ মহিলা খেলুৱৈ সকলে। উত্তৰ পূৰ্বৰ দুগৰাকী মহিলা খেলুৱৈয়ে ভাৰতৰ হৈ টকিঅ’ অলিম্পিকত পদক অৰ্জন কৰাৰ পিছত এইবাৰ ভাৰতৰ মহিলা হকী দলৰ এগৰাকী খেলুৱৈয়ে ইতিহাস ৰচিলে।

ভাৰতৰ মহিলা হকী দলৰ খেলুৱৈ বন্দনা কটাৰিয়াই টকিঅ’ অলিম্পিকত ইতিহাস ৰচনা কৰিলে। বন্দনা বন্দনা কটাৰিয়াই টকিঅ’ অলিম্পিকৰ এখন খেলত হেট্ৰিক অর্জন কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা মেচখনত বন্দনা কটাৰিয়াই তিনিটাকৈ গ’ল কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে অলিম্পিকত হেট্ৰিক অর্জন কৰা দেশৰ একমাত্ৰ খেলুৱৈ হৈছে বন্দনা কটাৰিয়া। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বন্দনা কটাৰিয়াই হেট্ৰিক অর্জন কৰা মেচখন ভাৰতে ৪-৩ ব্যৱধানত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে।