গুৱাহাটী, ৫ আগষ্ট, ২০২৫ : ডিপ ইণ্ডিয়া (Deep India) অভিযানৰ অধীনত চলি থকা ৩০ খন চহৰৰ টেকন’লজি ট্যুৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰি ভাৰতীয় বৈদ্যুতিক আৰু স্বয়ংক্ৰিয়কৰণ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান ল’ৰিটজ নুডচেন ইলেক্ট্ৰিকেল এণ্ড অটোমেচনে অসমৰ গুৱাহাটীত নিজৰ ফ্লেগশ্বিপ টেকন’লজি দিৱসত সফলতাৰে আয়োজন কৰে। এই অনুষ্ঠানত সমগ্ৰ অঞ্চলটোৰ উদ্যোগিক অংশীদাৰ, সমাধানকাৰী অংশীদাৰ আৰু অটোমেচন পেছাদাৰীসকলৰ উৎসাহজনক অংশগ্ৰহণ দেখা যায়।

তেল আৰু গেছ, উৎপাদন, আন্তঃগাঁথনি আৰু ঔষধৰ দৰে খণ্ডৰ এম এছ এম ই, কৰ্পৰেট, নীতি নিৰ্ধাৰক তথা উদ্যোগৰ অগ্ৰণীসকলৰ মাজৰ পৰা ২০০ ৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰি উত্তৰ-পূবত স্মাৰ্ট, থলুৱা ঔদ্যোগিক সমাধানৰ ক্ৰমবৰ্ধমান চাহিদাৰ ওপৰত আলোকপাত কৰে।অসমৰ সৰ্ববৃহৎ চহৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুতগতিত বিকশিত হোৱা গুৱাহাটী মহানগৰে আছিয়ান আৰু পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেল আৰু গেছ, চিমেণ্ট, ফাৰ্মা আৰু কৃষিভিত্তিক উদ্যোগসমূহক সামৰি লোৱা এক সমৃদ্ধিশালী ঔদ্যোগিক ভিত্তিৰ সৈতে গুৱাহাটী দ্ৰুতগতিৰে আঞ্চলিক প্ৰযুক্তি আৰু লজিষ্টিক কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে।

ল’ৰিটজ নুডচেনৰ স্মাৰ্ট ইলেক্ট্ৰিকেল আৰু অটোমেচন সমাধানসমূহে চহৰখনৰ বিকশিত আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু ভাৰতৰ বহল ঔদ্যোগিক বৃদ্ধিৰ বাতাৱৰণৰ সৈতে ইয়াৰ একত্ৰীকৰণক সমৰ্থন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে। ল’ৰিটজ নুডচেন ইলেক্ট্ৰিকেল এণ্ড অটোমেচনৰ চি অ’ অ’ নৰেশ কুমাৰে কয় যে, “গুৱাহাটীত আমাৰ টেক ডে’ই ভাৰতৰ ঔদ্যোগিক কেন্দ্ৰবিন্দুৰ বিকশিত প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে আমি কিমান গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ সেয়াই প্ৰমাণ কৰিলে। মেট্ৰ’ৰ বাহিৰেও আন ঔদ্যোগিক কেন্দ্ৰসমূহে কেনেকৈ পৰিৱৰ্তনক আকোঁৱালি লৈছে এই অঞ্চলটোৱে তাক ভালদৰে প্ৰতিপন্ন কৰি দেখুৱাইছে। আমি ইয়াত সামূহিকভাৱে কাৰ্য্যকৰী বাস্তৱতাৰ অনুকূল স্মাৰ্ট, উন্নয়নক্ষম প্ৰযুক্তিসমূহৰ বিনিময় কৰিবলৈ আহিছো। আমাৰ লক্ষ্য হৈছে উদ্যোগসমূহক সুৰক্ষিত, দ্ৰুত আৰু স্মাৰ্টভাৱে কাম কৰিবলৈ শক্তিশালী কৰা-বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভৱিষ্যতৰ বাবে সাজু, শক্তি দক্ষ অৰ্থনীতিৰ দিশত ভাৰতৰ যাত্ৰাক সমৰ্থন কৰা।”

লাইভ প্ৰদৰ্শন আৰু পাৰস্পৰিক সংবাদাত্মক বিনিময়ৰ জৰিয়তে ল’ৰিটজ ক্নুডচেনে গুৱাহাটীৰ উচ্চ কাৰ্যক্ষম ঔদ্যোগিক পৰিৱেশতন্ত্ৰৰ চাহিদা পূৰণৰ বাবে নিৰ্মিত ১০ টাতকৈও অধিক পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সমাধান উন্মোচন কৰে। ইয়াৰ ভিতৰত ভাৰতৰ স্বচ্ছ শক্তি পৰিৱৰ্তন আৰু ঔদ্যোগিক দক্ষতাক সমৰ্থন কৰিবলৈ ডিজাইন কৰা কোম্পানীটোৰ বিস্তৃত ইভি চাৰ্জিং পৰিৱেশতন্ত্ৰৰ লগতে স্মাৰ্ট শক্তি বিতৰণৰ উদ্ভাৱনী কৌশল, উন্নত স্বয়ংক্ৰিয়কৰণ প্ৰযুক্তি, নতুন শক্তিৰ পৰিৱেশৰ বাবে সমাধান উল্লেখযোগ্য। বিশেষকৈ চৰকাৰী কৰিডৰ নীতিৰ দ্বাৰা সমৰ্থিত ঔদ্যোগিক ক্লাষ্টাৰসমূহৰ আশে-পাশে দ্বিতীয় আৰু তৃতীয় স্তৰৰ চহৰসমূহত অটোমেচন বিনিয়োগ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইয়াৰ উপৰিও, উদ্যোগ ৪.০ খৰচৰ ৫০ শতাংশ ক্লাউড আৰু আই অ’ টিৰ দৰে মৌলিক প্ৰযুক্তিৰ ওপৰত কেন্দ্ৰিত, যিয়ে ল’ৰিটজ নুডচেনৰ স্মাৰ্ট অটোমেচন ষ্টেক আৰু সংযুক্ত আন্তঃগাঁথনি প্ৰস্তাৱৰ মূল গঠন কৰে। এবাৰত এটাকৈ বিকশিত কৰিডৰৰ লক্ষ্যৰে ল’ৰিটজ ক্নুডচেনে ৩০ খন চহৰৰ ঔদ্যোগিক প্ৰদৰ্শনী অব্যাহত ৰখাৰ সমান্তৰালকৈ আন্তঃগাঁথনিমূলক ব্যৱধান দূৰ কৰিবলৈ, থলুৱা উদ্ভাৱনী ক্ষেত্ৰখনত ইন্ধন যোগাবলৈ আৰু অধিক স্মাৰ্ট, অধিক সংযুক্ত ভাৰতক শক্তি প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে।