গুৱাহাটী, ৩১ মে’, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সংস্থাৰ (NFRSA) দ্বাৰা ২৭ মে’ৰ পৰা ২৯ মে’, ২০২৫ তাৰিখলৈ গুৱাহাটীত আয়োজিত প্ৰথম সদৌ গুৱাহাটী ইন্টাৰ একাডেমী/স্কুল বাস্কেটবল প্ৰাইজমানি টুৰ্ণামেন্ট সফলতাৰে অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাখনে সমগ্ৰ মহানগৰৰ পৰা কিছুসংখ্যক উৎকৃষ্ট যুৱ বাস্কেটবল প্ৰতিভা একত্ৰিত কৰিবলৈ সক্ষম হয়, য’ত চাৰিটা বিভিন্ন ক্ৰীড়া শাখাত সৰ্বমুঠ ২৩০ জন খেলুৱৈয়ে (লৰা আৰু ছোৱালী উভয়ে) অংশ গ্ৰহণ কৰে।
১৪ বছৰৰ অনুর্ধ্ব ল’ৰা (৪ টা টীম), ১৪ বছৰৰ অনুর্ধ্ব ছোৱালী (৪ টা টীম), ১৭ বছৰৰ অনুর্ধ্ব ল’ৰা (৬ টা টীম) আৰু ১৭ বছৰৰ অনুর্ধ্ব ছোৱালী (৫ টা টীম) এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত সৰ্ব্বমুঠ ৩৮ খন মেচ এক ৰাউণ্ড-ৰবিন লীগ আৰ্হিত অনুষ্ঠিত হয়, যাৰ দ্বাৰা এই প্রতিযোগিতাখন এক অত্যন্ত প্ৰতিযোগিতামূলক আৰু উত্তেজনাপূর্ণ হৈ উঠে। ১৪ বছৰৰ অনুৰ্ধ শাখাত, উত্তৰ পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সংস্থাই লৰা আৰু ছোৱালীৰ উভয়ৰে খিতাপ বিজয়ৰে ক্ৰীড়াঙ্গনত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়। আনহাতে এইটবিচিচি টীমে উভয় শাখাত ৰাণাৰ্চআপ খিতাপ লাভ কৰে।
অনুর্ধ্ব ১৭ বছৰ শাখাত, উত্তৰ পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সংস্থাই এই চেম্পিয়নচিপৰ আধিপত্যৰে বিজয়ী অগ্ৰগতি বাহাল ৰখাৰ লগতে কেন্দ্ৰীয় বিদ্যালয় নাৰেঙ্গীয়ে ৰাণাৰ্চআপ ৰূপে পৰিগণিত হয়। ১৭ বছৰৰ অনুর্ধ্ব ছোৱালী শাখাত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ক্ৰীড়া সংস্থাই চেম্পিয়নচিপৰ মুকুত অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে এইচবিচিচিএ ৰাণাৰ্চআপৰ খিতাপ অৰ্জন কৰে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ক্ৰীড়া সংস্থাই সকলো অংশগ্ৰহণকাৰী দলৰ উৎসাহ, সমৰ্পণ আৰু অসাধাৰণ ক্ৰীড়া প্ৰদৰ্শনৰ বাবে তেওঁলোকক অভিনন্দন জনায়।
অসাধাৰণ ক্ৰীড়া প্ৰদৰ্শনৰ বাবে এই ক্ৰীড়া সংস্থাৰ বাস্কেটবল টীমটোক বিশেষভাৱে প্ৰশংসা কৰা হয়। যাৰ দ্বাৰা এই সংস্থাই সমগ্ৰ চেম্পিয়নচিপৰ চাৰিটা খিতাপ জয় কৰিবলৈ সক্ষম হয়। এই প্ৰতিযোগিতাখনে গুৱাহাটীত তৃণমূল পৰ্যায়ৰ বাস্কেটবল টুৰ্ণামেন্টক উৎসাহিতকৰণৰ দিশত এক তাৎপৰ্যপূৰ্ণ সফলতাৰূপে চিহ্নিত কৰাৰ লগতে বিদ্যালয় আৰু একাডেমী পৰ্যায়ৰ খেলুৱৈসকলৰ বৰ্ধিত প্ৰতিভাক উপস্থাপন কৰিবলৈ সক্ষম হয়। ইয়াতে উল্লেখ কৰিব পাৰি যে উত্তৰ পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সংস্থাই অদূৰ ভৱিষ্যতে এনেধৰণৰ ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰাৰ বাবে সমৰ্পিত হৈ থকাৰ লগতে বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত যুৱ ক্ৰীড়াবিদসকল উজলি উঠাৰ বাবে আৰু এখন প্লেটফৰ্ম প্ৰদান কৰাৰ দিশত সমৰ্পিত হৈ থাকিব।