নিউজ ডেস্ক, সংবাদ ৩৬৫, ৭ নৱেম্বৰ : বুধবাৰে অসম ক্ৰিকেট সন্থা আৰু আই পি এল ৰাজস্থান ৰয়েলছে যুটীয়াকৈ এখন সংবাদমেল অনুষ্ঠিত কৰে।

সংবাদমেলত ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰী মনোজ বেদালে বিগত দুই বছৰ ধৰি চলা আলোচনাৰ অন্তত বৰ্ষাপাৰা ষ্টেডিয়ামত আই পি এল মেচ অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে ।

দুখন খেল খেলিব ৰাজস্থান ৰয়েলছে আৰু আন এটা দলৰ হ’ব আন এখন খেল।

অসম চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিয়ে ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে ।

উক্ত সংবাদমেল খনত উপস্থিত থাকে ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰী মনোজ বেদাল, কাৰ্যবাহী অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ, মুখ্য কাৰ্যবাহী বিষয়া জেক লাচমেক্ৰম আৰু অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ প্ৰধান সচিব।

উল্লেখ্য যে উক্ত খেলখনত ধোনী, বুমৰাহ, বিৰাট কোহলী, ৰোহিত শৰ্মাই খেল উপভোগ কৰিব কৰাৰ সম্ভাৱনা আছে।