গুৱাহাটী, ৯ এপ্ৰিল, ২০২৬ : চলিত ১৯ সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL) গুৱাহাটীত অনুষ্ঠিত হোৱা তিনিখন হাইভল্টেজ মেচৰ অন্তিমখন খেলত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে মুখামুখি হ’ব৷ চমকপ্ৰদ প্ৰদৰ্শনৰে জয়ৰ হেট্ৰিক অৰ্জন কৰি ছিজনৰ প্ৰত্যাশিত আৰম্ভনি কৰা ৰিয়ানৰ দল আৰ আৰে কাইলৈ ডিফেণ্ডিং চেম্পিয়ন আৰ চি বিৰ বিৰুদ্ধেও আত্মবিশ্বাসৰে এ চি এ ষ্টেডিয়ামত নামিব৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন আৰ আৰ দলৰ নতুন লক্ষ্য গুৱাহাটীত লগতে ঘৰুৱা মেচত জয়ৰ হেট্ৰিক কৰা৷
ইফালে, আৰ আৰ আৰু আৰ চি বি মেচক লৈ গুৱাহাটীৰ সমৰ্থকৰ উৎসাহ-উৎকণ্ঠা তীব্ৰ হৈ পৰিছে৷ বিস্ময় বালক বৈভৱ সূৰ্যবংশীৰ বেটিং তাণ্ডৱত মতলীয়া দৰ্শকৰ সন্মুখত কাইলৈ নিশা আবিৰ্ভাব হ’ব বিশ্ব ক্ৰিকেটৰ সম্ৰাট বিৰাট কোহলি৷ গুৱাহাটীত ইতিপূৰ্বে শতকৰ হেট্ৰিক কৰা ৰাণ মেচিন কোহলিয়ে প্ৰথমবাৰৰ বাবে এ চি এ ষ্টেডিয়ামত আই পি এল মেচ খেলিব৷ এয়া আৰ চি বি দলৰো গুৱাহাটীত আই পি এলৰ অভিষেক মেচ৷ অসম তথা উত্তৰ-পূৱৰ আৰ চি বিৰ সমৰ্থকৰ বাবে কাইলৈ মেচখন এক দীৰ্ঘদিনীয়া অপেক্ষাৰ বাস্তৱ প্ৰাপ্তি৷
ইতিমধ্যে এই মেচৰ টিকট ৰাজস্থান ৰয়েলছৰ অফিচিয়েল টিকেট পাৰ্টনাৰ ডিষ্ট্ৰিক্ট বাই জ’মাটো এপত দুদিন পূৰ্বে শেষ হৈছিল৷ কিন্তু শেহতীয়াকৈ অসমৰ কেইখনমান জিলাৰ পৰা একেবাৰে কমসংখ্যক টিকট গুৱাহাটীলৈ ঘুৰি অহাত আজিৰে পৰা সেয়া পুনৰ ক্ৰিকেটপ্ৰেমীৰ বাবে মুকলি কৰা হৈছে৷ বাকী থকা এই টিকট ডিষ্টিক্ট-জ’মাটো এপৰ লগতে জি এছ ৰ’ডৰ চিটী চেণ্টাৰ আৰু ছাউথ পইণ্ট স্কুলৰ কাউণ্টাৰত পোৱা যাব৷
ইফালে, কাইলৈৰ মেচখন উপভোগ কৰিবলৈ গুৱাহাটীলৈ আহিব কোহলি পত্নী বলিউদ অভিনেত্ৰী অনুষ্কা শৰ্মা৷ অৰ্থাৎ খেলপথাৰত বৈভৱ-বিৰাটৰ বেটিং ৰোমাঞ্চৰ লগতে গেলেৰীত মহোময়ী অনুষ্কাৰ উপস্থিতিয়ে গোলাপী আলোকত ডুব যোৱা বৰ্ষাপাৰাৰ গ্লেমাৰ নিশাটো অধিক ৰঙিন কৰি তুলিব৷
