নিউজ ডেস্ক, ২৯ মাৰ্চ, ২০২৫ : চলিত ইণ্ডিয়ান ছুপাৰ লীগৰ (ISL) শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা দ্বিতীয়খন প্লে-অফ মেচত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে জামছেদপুৰ এফ চিৰ বিৰুদ্ধে খেলিব৷ প্ৰথমবাৰৰ বাবে আই এছ এলৰ নকআউট মেচত পৰস্পৰৰ বিৰুদ্ধে মুখামুখি হ’ব দূয়োটা দল৷ ইফালে, প্ৰথমবাৰৰ বাবে আই এছ এলৰ মেচ আয়োজন কৰা শ্বিলঙে প্লে-অফ খেল আয়োজন কৰিও ইতিহাস গঢ়িব৷

এইবাৰ শ্বিলঙত নৰ্থ ইষ্ট ইউনাইটেডে দ্বিতীয় ঘৰ হিচাপে আই এছ এলৰ অন্তিম তিনিখন মেচ খেলিছে৷ মুম্বাই চিটী আৰু বেংগালুৰু এফ চিৰ বিৰুদ্ধে দল পৰাস্ত হৈছিল যদিও অন্তিমখন লীগ মেচত অনুৰাগীৰ প্ৰত্যাশা পূৰ্ণ কৰি পৰাস্ত কৰিছিল ইষ্ট বেংগল এফ চিক৷ সেয়ে দ্বিতীয়খন প্লে-অফ মেচখনকলৈ ঘৰুৱা দলটো আত্মবিশ্বাসী৷ নৰ্থ ইষ্ট ইউনাইটেডে লীগত ২৪ খন মেচ খেলি ৩৮ পইণ্ট লাভ কৰিছে৷ দহখনত জয় তথা আঠখন ড্ৰ খেলা দলটোৱে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত থাকি প্লে-অফলৈ উত্তৰণ কৰিছে৷

ইফালে, জামছেদপুৰেও ২৪ খন মেচ খেলি ৩৮ পইণ্টই লাভ কৰিছিল৷ কিন্তু গড় হিচাপত দলটো পঞ্চম স্থানত আছে৷ অন্তিম দুখন মেচত জয়লাভ কৰি ইতিবাচক হৈ থকা নৰ্থ ইষ্ট ইউনাইটেডৰ সন্মুখত জামছেদপুৰে চাপত খেলিব লাগিব৷ কাৰণ দলটোৱে লীগৰ অন্তিম দুখন মেচত পৰাজয় স্বীকাৰ কৰিব লগা হৈছিল৷ অৱশ্যে প্লে-অফৰ চাপ নৰ্থ ইষ্ট ইউনাইটেডৰ শিবিৰতো থাকিব৷ আনহাতে, সমৰ্থকৰ প্ৰত্যাশাও দলৰ বাবে অতিৰিক্ত চাপ৷

নৰ্থ ইষ্ট ইউনাইটেডৰ আক্ৰমণাত্মক গতিশীলতা এই ছিজনৰ সাফল্যৰ মুল আহিলা৷ সকলো দলৰ ভিতৰতে সৰ্বোত্তম ড্ৰিবল সফলতাৰ হাৰ গুৱাহাটীৰ দলটোৰ৷ সংহত সামূহিক প্ৰচেষ্টাৰ সমান্তৰালভাৱে ব্যক্তিগত চমকপ্ৰদ প্ৰদৰ্শনৰ মিশ্ৰণে নৰ্থ ইষ্ট ইউনাইটেডক কাইলৈ জামছেদপুৰত কৈ আগত ৰাখিব৷ আলাউদ্দিন আজাৰাইৰ গল কৰাৰ যাদুৱে ঘৰুৱা দলটোৰ সফলতাত উল্লেখনীয় ভূমিকা ল’ব৷ ২৪ খন মেচত তেওঁ ২৩ টা গল কৰিছে৷

ইফালে, জামছেদপুৰৰ শক্তি ডিফেন্স যদিও এইবাৰ দলে ৩৫টা গ’ল দি দ্বিতীয় স্থানত আছে৷ প্ৰথম স্থানত থকা নৰ্থ ইষ্ট ইউনাইটেডৰ গলৰ সংখ্যা হ’ল ৪৬ টা৷ জামছেদপুৰে পূৰ্বে খেলা প্লে-অফ মেচত কিন্তু জয় অৰ্জন কৰা নাছিল৷ এইবাৰ দলৰ সন্মুখত তৃতীয় সুযোগ৷ আই এছ এলৰ ইতিহাসত দল দুটা ১৬ বাৰ মুখামুখি হৈছে নৰ্থ ইষ্ট ইউনাইটেডে চাৰিখনত জয়লাভ কৰাৰ বিপৰীতে জামছেদপুৰে ছয়বাৰ জয়ী হৈছে৷ ছয়খন মেচ ড্ৰ’ৰূপে সমাপ্ত হৈছে৷

দ্বিতীয়খন প্লে-অফ মেচৰ পূৰ্বে নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিয়ে আজি কয় ‘আমি কোনো অজুহাত নেদেখুৱাই যেতিয়াই সুযোগ আহিব তেতিয়াই গ’ল দিব লাগিব৷ আমি আমাৰ সুযোগক ৰূপান্তৰিত কৰিব লাগিব৷ লগতে মনোনিৱেশ কৰিব লাগিব জামছেদপুৰৰ বিশেষ শৈলীৰ খেল বন্ধ কৰা৷ ইফালে, জামছেদপুৰৰ মুখ্য প্ৰশিক্ষক খালিদ জামিলে শ্বিলঙত প্লে অফ খেলা বিষয় লৈ আনন্দ প্ৰকাশ কৰে৷ ‘শ্বিলঙত উপস্থিত হৈ আমি অতি সুখী৷ ইয়াত ফুটবলৰ প্ৰতি বহুত প্ৰেম আছে৷ ষ্টেডিয়ামখন কল্পনাতীত দেখা গৈছে৷ ফুটবলপ্ৰেমীৰ সমৰ্থন আচৰিত৷ আমি ইতিবাচক ফলাফল নিশ্চিত কৰিবলৈ আগ্ৰহী৷’ খালিদে কয়৷