ডিগবৈৰপৰা বিজয় সূত্রধৰ, ৩১ ডিচেম্বৰঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিৰ আমন্ত্ৰণ মৰ্মে ডিগবৈৰ ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত হোৱা যাদু প্ৰদৰ্শন চাই আপ্লুত হৈ পৰে ডিগবৈবাসী ৰাইজ৷ উক্ত যাদু প্ৰদৰ্শন অনুষ্ঠানত যাদু প্ৰদৰ্শন কৰে বিখ্যাত যাদুকৰ আনোৱাৰ হুচেইনে৷ মন কৰিবলগীয়া যে, যাদুকৰ আনোৱাৰ হুচেইন হৈছে যাদুসম্ৰাট এম হুচেইনৰ ভাগিন৷ শৈশৱত মোমায়েক এম হুচেইনৰ সান্নিধ্যত যাদু কলাৰ প্ৰতি আকৰ্ষিত হৈ পিছলৈ যাদু প্ৰদৰ্শনকেই জীৱন আৰু জীৱিকা হিচাবে গ্ৰহণ কৰে আনোৱাৰ হুচেইনে৷ এম হুচেইনৰ পিছতেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত যাদু প্ৰদৰ্শন কৰি যাদুকৰ আনোৱাৰ হুচেইনে কৃতিত্ব লাভ কৰাৰ লগতে বিশ্ব দৰবাৰত এই কথা প্ৰতিপন্ন কৰিবলৈ আহু পুৰুষাৰ্থ কৰিছে যে, অসম হৈছে যাদু মন্ত্ৰৰ দেশ, ASSAM IS A LAND OF MAGIC।