জনীয়া, সংবাদ ৩৬৫, ৯ অক্টোবৰ : আগন্তুক ২১ অক্টোবৰত জনীয়া সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বতাহ লাহে লাহে গৰম হৈ উঠা পৰিলক্ষিত হৈছে। অন্যান্য প্ৰাৰ্থী সকলৰ লগতে কঁকালত টঙালি বান্ধিছে নেচনেল পিপুলচ পাৰ্টিৰ মনোনীত প্ৰাৰ্থী চানমামুদে।

চানমামুদে নিৰ্বাচনী প্ৰচাৰ অধিক গতিশীল কৰাৰ নিমিত্তে জনীয়া সমষ্টিৰ অন্তৰ্গত বালিকুৰিত এক নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰে।

এন পি পিৰ প্ৰাৰ্থী গৰাকীয়ে দাবী কৰামতে তেওঁক যি দৰে সাধাৰণ ৰাইজে আকোৱালী লৈছে সেই ফালে লক্ষ্য কৰি তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰিছে। আনকি কোনো দলৰ ষ্টাৰ কেম্পানাৰেও তেওঁক দিছপুৰলৈ যোৱাৰ ক্ষেত্ৰত বাধা দি ৰাখিব নোৱাৰে বুলি কয়।

ইয়াৰ পূৰ্বে তেওঁ বিজেপি দল কৰিছিল যদিও বিজেপি সাম্প্ৰদায়িক ৰাজনৈতিক দল হোৱা হেতুকে তেওঁ বিজেপি দল ত্যাগ কৰি ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দলত যোগদান কৰে বুলিও কয়।

তেওঁ নিৰ্বাচিত হোৱাৰ পাছত জনীয়া সমষ্টিৰ প্ৰতিগৰাকী মহিলা ভোটাৰৰ একাউণ্টত পাঁচ হেজাৰ টকাকৈ দিয়াৰ লগতে নদীৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ, ৰাস্তা-ঘাট, শিক্ষা, স্বাস্থ্য আদিৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

উল্লেখ্য যে, উপ-নিৰ্বাচনৰ পাছত যি ১৯ মাহ কাম কৰিবলৈ সুযোগ পাব সেই ১৯ মাহত ১৯ বছৰৰ কাম দেখুৱাৰ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰাৰ্থী গৰাকীয়ে।