সোণতলী, ২৫ জুনঃ দক্ষিণ কামৰূপৰ সোণতলী আৰক্ষীয়ে জালনোট আৰু জালনোট প্ৰস্তুতত ব্যৱহাৰ কৰা সা-সামগ্ৰী জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে৷ বৃহত্তৰ সোণতলী, ডেকাচাং মালীবাৰীৰ স্থানীয় লোকৰ সহযোগত  আৰক্ষীয়ে এই বৃহৎ পৰিমানৰ জালনোট, জালনোট প্ৰস্তুতত ব্যৱহাৰ কৰা সা-সামগ্ৰী জব্দ কৰাৰ লগতে লোকজনক আটক কৰিবলৈ সক্ষম হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি, গোৱালপাৰা জিলাৰ টিপলাইৰ পৰা মইনুল হকৰ এএছ ০১ বিভি ৬২৯১ নম্বৰৰ ছুইফট ডিজায়াৰখন টিপলাইৰ পাৰ্ট-১ গাঁৱৰ মেহেবুল হক, মেহবুব হক, আৰু বৰপেটাৰ মজনু আলী নামৰ তিনিজন লোকে ভাড়া কৰি টিপলাইৰ পৰা ডেকাচাং হৈ কালাতলী অভিমুখে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত কেইবাজনো চাইকেল আৰোহীৰ লগতে ছাগলী-ভেৰা আদি পহুধন মহটিয়াই লৈ যায়৷ দুৰ্ঘটনাত চাইকেল আৰোহীকেইজন আহত হোৱাৰ লগতে এটা পহুধনৰ মৃত্যু হয়৷ মালীবাৰীৰ পাথালীপাৰাত দুৰ্ঘটনাতো প্ৰত্যক্ষ কৰি ৰাইজে গাড়ীখন খেদি গৈ আগভেঁটা দি ৰখাবলৈ সক্ষম হয়৷ গাড়ীৰ পৰা মেহেবুল হক, মেহবুব হক আৰু মজনু আলী পলায়ন কৰে যদিও গাড়ী চালক মইনুল হকক ৰাইজে ধৰিবলৈ সক্ষম হয়৷ উত্তেজিত জনতাই মইনুলক উত্তম-মধ্যম শোধাই সোণতলী আৰক্ষীক ঘটনাৰ সৰ্ম্পকে অৱগত কৰে৷ সোণতলী আৰক্ষী ঘটনাস্থলী উপস্থিত হোৱাত স্থানীয় লোকে চালক মইনুল হকৰ লগতে গাড়ীত উদ্ধাৰ হোৱা এটা বেগ আৰক্ষীক চমজাই দিয়ে৷ আৰক্ষীয়ে বেগটোৰ পৰা  ৫২ খন ২০০০ টকীয়া জালনোট, ৩২ খন ১০০ টকীয়া জালনোটৰ লগতে ৫০০ টকীয়া জালনোট প্ৰস্তুতত ব্যৱহাৰ কৰা ৫০ খন ব্লাক পেপাৰ, ৫০ মিলিগ্ৰাম পনীয়া দ্ৰব্য আৰু ৫০ গ্ৰাম চেনিৰ দানাজাতীয় কেমিকেল উদ্ধাৰ কৰে৷