নিউজ ডেস্ক, ৩১ মাৰ্চ, ২০২৫ : জামছেদপুৰ এফ চিয়ে চলিত ইণ্ডিয়ান ছুপাৰ লীগত (ISL) চতুৰ্থটো দল হিচাপে ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত আই এছ এলৰ দ্বিতীয়খন প্লে-অফ মেচত দলে নৰ্থ ইষ্ট ইউনাইটেড এফ চিক ২-০ গ’লত পৰাস্ত কৰি অন্তিম চাৰিলৈ যোগ্যতা অৰ্জন কৰে৷ খেলৰ ২৯ মিনিটত জামছেদপুৰৰ হৈ প্ৰথমটো গ’ল কৰে ষ্টিফেন ইজে৷ সোফালৰ পৰা অতি কঠিন এংগলৰ পৰা এটা দৰ্শনীয় শ্বট মাৰি অনবদ্য গ’ল কৰে ষ্টিফেনে৷

এই অগ্ৰগতিয়ে বিজয়ৰ দুবাৰ মুকলি কৰে জামছেদপুৰ এফ চিৰ৷ প্ৰথমাৰ্ধত দলটো আগুৱাই থাকি নৰ্থ ইষ্ট ইউনাইটেডক চাপত ৰাখিবলৈ সক্ষম হয়৷ দ্বিতীয়াৰ্ধত জামছেদপুৰৰ ৰণনীতি আছিল ৰক্ষণবিভাগত খেলুৱৈৰ সংখ্যা বৃদ্ধি কৰি নৰ্থ ইষ্ট ইউনাইটেডক আক্ৰমণৰ সুযোগ নিদিয়া৷ জামছেদপুৰৰ মুখ্য প্ৰশিক্ষক খালিদ জামিলে লোৱা এই ৰণনীতিয়ে বিপক্ষক প্ৰত্যাৱৰ্তনৰ সুযোগ নিদিলে৷ বস্কত নৰ্থ ইষ্ট ইউনাইটেডৰ খেলুৱৈক প্ৰৱেশে কৰিব নিদিলে জামছেদপুৰৰ ৰক্ষণপন্থীয়ে৷

খেলৰ অন্তিম ক্ষণত (৮৮ মিনিট) জামছেদপুৰৰ মোহাছিৰ ৰহমানে ৰঙা কাৰ্ড পায়৷ পৰবৰ্তী বাৰ মিনিট সময় দলে দহজনৰে খেলিব লগা হয় যদিও ইয়াৰ সুযোগ নৰ্থ ইষ্ট ইউনাইটেডে ল’ব নোৱাৰিলে৷ বিপৰীতে এজন খেলুৱৈ কম হোৱাৰ পাছতো ইঞ্জুৰী টাইমত গ’ল কৰাত সফল হয় জামছেদপুৰ৷ খেল সমাপ্ত হ’বলৈ দুই মিনিট থকা অৱস্থাত জাভি হাৰ্ণাণ্ডেজে জামছেদপুৰৰ হৈ দ্বিতীয়টো গ’ল কৰি দলৰ বিজয় তথা ছেমিফাইনেলত প্ৰৱেশ নিশ্চিত কৰি দিয়ে৷ বিপৰীতে ঘৰত খেলাৰ পাছতো বিফলতাৰ সন্মুখীন হয় নৰ্থ ইষ্ট ইউনাইটেড৷

উল্লেখ্য যে শ্বিলঙত খেলা অন্তিম লীগ মেচত নৰ্থ ইষ্ট ইউনাইটেডে চাৰিটা গ’ল কৰি আত্মবিশ্বাসী হৈ আছিল যদিও দলে বিপক্ষৰ ডিফেন্সৰ ৰণনীতিত সংঘবদ্ধ আক্ৰমণ কৰাত ব্যৰ্থ হয়৷ জামছেদপুৰে গুৱাহাটীৰ দলটোৰ তাৰকা ষ্ট্ৰাইকাৰ আজাৰাইক দক্ষতাৰে বান্ধি ৰাখি আক্ৰমণৰ সুযোগ নিদিলে৷ ছেমিফাইনেলত জামছেদপুৰ মুখামুখি হ’ব বিগত বৰ্ষৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ৷ এই ছেমিফাইনেলৰ প্ৰথম লেগৰ মেচ অহা তিনি এপ্ৰিলত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় লেগৰ মেচখন সাত এপ্ৰিলত কলকাতাত হ’ব৷ আনহাতে, জামছেদপুৰে গৃহভূমিত খেলিব প্ৰথম লেগৰ মেচ৷