মানকাচাৰ, ৩ জুনঃ দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ জনতাৰ প্ৰতিবাদত শিৰনত কৰিবলৈ বাধ্য হ’ল চৰকাৰ তথা জিলা প্ৰশাসন৷ জনতাৰ উত্তাল প্ৰতিবাদত অৱশেষত জিলাখনৰ উপায়ুক্তত কৰুণা কুমাৰীক বদলি কৰিবলৈ বাধ্য হয় চৰকাৰ তথা জিলা প্ৰশাসন৷ উল্লেখ্য যে, দক্ষিণ শালমাৰা মানকাচাৰত কৰুণা কুমাৰীয়ে উপায়ুক্তৰ দায়িত্ব লাভ কৰাৰ পিছৰে পৰা সাধাৰণ লোকক অশালীন ব্যৱহাৰ কৰাৰ লগতে যিকোনো ব্যক্তিৰ নামত ভূৱা গোচৰ ৰুজু কৰিবলৈ আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ উপায়ুক্তগৰাকীয়ে সাংবাদিকক দুব্যৱহাৰ কৰাৰ লগতে উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছিল৷ এনে উপায়ুক্ত জিলাত থাকিলে জিলাখন উন্নয়ন সম্ভৱ নহয় বুলি অভিযোগ তুলি উপায়ুক্তক বদলিৰ দাবীত ২০ টাকৈ সংগঠনে স্থানীয় ৰাইজৰ সহযোগত ২৩ মে’ৰ পুৱা ৪ বজাৰ পৰা ২৪ ঘন্টীয়া দক্ষিণ শালমাৰা মানকাচাৰ জিলা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰে৷ কিন্তু ইয়াৰ পিছতো প্ৰশাসন তথা চৰকাৰে উপায়ুক্তগৰাকীৰ বদলিৰ কাৰণে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত কৰুণা কুমাৰীক বদলিৰ দাবীত সংগঠন কেইটাই স্থানীয় ৰাইজৰ সহযোগত ২৯ মে’ৰ পৰা আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰে৷ বিগত ৫ দিন ধৰি চৰকাৰ তথা প্ৰশাসনৰ বাধাৰ প্ৰাচীৰ নেওচি জনতাই উত্তাল প্ৰতিবাদ অব্যাহত ৰখাত অৱশেষত চৰকাৰে কৰুণা কুমাৰীক জিলাখনৰ উপায়ুক্ত পদৰ পৰা বদলি কৰাবলৈ বাধ্য হয়৷