কলগাছিয়া, সংবাদ ৩৬৫, ৯ অক্টোবৰ : জনীয়া সমষ্টিৰ উপ-নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে জনীয়া সমষ্টিত বিজেপিৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপি দলে সমষ্টিটোৰ বিভিন্ন ঠাইত ভোটাৰক আকৰ্ষিত কৰাৰ বাবে জোৰদাৰ প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে।

বুধবাৰে বালিকুৰি বজাৰ প্ৰাংগণত নিৰ্বাচনী প্ৰচাৰ সভাত কেইবাজনো ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতা উপস্থিত থাকে। সভাত বিজেপিৰ ৰাজ্যিক উপ সভাপতি তথা জনীয়া সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী তৌফিকুৰ ৰাহমানে কংগ্ৰেছ আৰু ইউ ডি এফৰ বিৰুদ্ধে খুৰাধাৰ সমালোচনা কৰি বিজেপিক ভোট দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায়।

জনীয়া উপ নিৰ্বাচনত দিছপুৰত চৰকাৰ থকা দলক ভোট দিলেহে জনীয়া সমষ্টিৰ উন্নয়ন হব। বিজেপিৰ নেতা শ্বহিদুল ইছলামে ভাষণত কয় যে জনীয়া সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ উত্থান দেখি কংগ্ৰেছ আৰু ইউ ডি এফ শংকিত হৈছে।