জনীয়া, সংবাদ ৩৬৫, ১১ আগষ্ট : আন্তৰাষ্ট্ৰীয় সেচ্ছা সেৱী সংগঠন চাৰ্ছচ অক্সিলিয়াৰি ফৰ ছচিয়েল একচন “কাচা”ৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে এই বেলিও জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদ (এন জি অ)ৰ কাৰ্যালয়ত মন্দিয়া আৰু ৰুপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৪ শ বানপীড়িতক সাহাৰ্য্য বিতৰণ কৰা হয়। হিতাধিকাৰী সকলক উন্নত মানৰ ১৫ কিলোগ্ৰাম চাউল, এখন ত্ৰিপাল, এখন পাটি, মচুৰ দালি ১.৫ কিলোগ্ৰাম নিমখ ১ পেকেট, হালধি গুড়ি ২০০ গ্ৰাম, জলকীয়া গুড়ি ২৫০ গ্ৰাম, চয়াবিন ১ কিলোগ্ৰাম, মিঠাতেল তেল ১ লিটাৰ আদি সাহাৰ্য্য হিচাপে প্ৰদান কৰা হয়।

সেই উপলক্ষে শনিবাৰে জনীয়াস্হিত আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদত বান সাহাৰ্য্য বিতৰণ আৰু বানৰ সময়ত হ’বলগীয়া সতৰ্কতা সম্পৰ্কে অনুষ্ঠিত হোৱা সভাত আদৰণি ভাষণ প্ৰদান কৰে জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক আব্দুল মালিকে। সভাত কাচা’ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক লিচু মেৰুৰ লগতে ভালেসংখ্যক গণ্য মান্য ব্যাক্তি উপস্থিত থাকে।

উল্লেখ্য যে দেওবাৰে গোমাফুলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৬ শ বান পীড়িতক সাহাৰ্য প্ৰদান কৰা হ’ব বুলি জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদে জনাইছে।