জনীয়া, সংবাদ ৩৬৫, ১৪ জুন : এগৰাকী অসহায় বৃদ্ধাৰ কৰুণগাঁথা। জীৱনৰ বিয়লি বেলাত সৰ্বহাৰা হৈ অকলশৰীয়া দিন অতিবাহিত কৰিছে ৮০ উৰ্ধৰ বৃদ্ধা গৰাকীয়ে। কলগাছিয়াৰ দেউকুৰা গাঁৱৰ এসময়ৰ কোটি টকীয়া সম্পত্তিৰ মালিকনী বৃদ্ধাগৰাকী বৰ্তমান পথৰ ভিক্ষাৰী। ঘৰ জোঁৱায়েকে ছলকৰি সকলো সম্পত্তি বেদখল কৰি নিজ গৃহৰ পৰা উলিয়াই দিয়াৰ পিছত বিলৰটাৰী গাঁৱৰ এক দৰিদ্ৰ পৰিয়ালত আশ্ৰয় গ্ৰহণ বৃদ্ধা গৰাকীৰ।

কলগাছিয়া ৰাজহ চক্ৰ তথা আৰক্ষী থানাৰ অন্তৰ্গত দেউকুৰা গাঁৱৰ বাসিন্দা ছায়েদ আলীৰ পত্নী লালভানুৰ ঘৰ জোঁৱাই শুকুৰ আলী মাষ্টৰে শহুৰেকৰ মৃত্যুৰ পিছত জালিয়াতি কৰি শাহুৱেক লাল ভানুৰ নামত থকা কোটি টকা মূল্যৰ ৮ বিঘা মাটি বেদখল কৰি বৃদ্ধ মহিলা লালভানুক মাৰপিট কৰি ঘৰৰ পৰা ওলিয়াই দিয়ে। অসহায় লালভানুক ৰাস্তাৰ পৰা তুলি নি বিলৰটাৰী গাঁৱৰ বৃদ্ধা গৰাকীৰ দৰিদ্ৰ ভাতৃয়ে নিজ গৃহত আশ্ৰয় দিছে।

উল্লেখযোগ্য যে শুকুৰ আলীৰ লগত বিয়া দিয়া বৃদ্ধা গৰাকীৰ একমাত্ৰ কন্যা ছাহেৰা খাতুনৰো মৃত্যু হৈছে। তাৰ পিছতেই বৃদ্ধা লালভানুক নানা ধৰণৰ শাৰিৰীক মানসিক অত্যাচাৰ কৰি আহিছিল জোৱাই শুকুৰ আলী মাষ্টৰে। বৃদ্ধা গৰাকীয়ে আইনৰ আশ্ৰয় গ্ৰহণ কৰিছে যদিও আজিলৈ ন্যায় পোৱা নাই।

অৱশ্যে জালিয়াতিৰে মাটি সম্পত্তি বেদখল কৰাৰ লগতে নিজৰ সন্তানৰ জন্ম প্ৰমাণ পত্ৰ, ভোটাৰ তালিকা, শিক্ষাগত প্ৰমাণ পত্ৰ আদি কৰি কেইবাটাও কাগজ পত্ৰ জালিয়াতি কৰাৰ অভিযুক্তত শুকুৰ আলী মাষ্টৰক চাকৰিৰ পৰা নিলম্বন কৰিছে বিভাগীয় কতৃপক্ষই। কিন্তু এতিয়াও ন্যায়ৰ পৰা বঞ্চিত হৈ আছে অসহায় বৃদ্ধা লালভানু।