জনীয়া, সংবাদ ৩৬৫, ৮ অক্টোবৰ : এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামে এক সাক্ষাতকাৰত কয় যে কংগ্ৰেছ বিজেপিৰ মিত্ৰতা আছে বুলি অসমৰ ৰাইজে জানে। ইউ ডি এফৰ সৈতে বিজেপিৰ কোনো ধৰণৰ আলোচনা থাকিলে ৰাজ্যত হৈ থকা চাৰিওটা সমষ্টিতে ইউ ডি এফে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলেহেতেন।

কংগ্ৰেছৰ বহু নেতাৰ লগত বিজেপিৰ সম্পৰ্ক আছে। উদাহৰণ দাঙি ধৰি কয় যে, কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, প্ৰাক্তন মন্ত্ৰীকে ধৰি বহু লিডাৰে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। কিন্তু এজনো ইউ ডি এফৰ বিধায়ক বিজেপিত যোগদান কৰা নাই।

বিজেপিৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমান ৰাজনীতিৰ নহয় তেওঁ ভ্ৰাম্যমাণ মঞ্চৰ মানুহ আৰু তেওঁক জনীয়াৰ সাধাৰণ ভোটাৰ ৰাইজে চিনি নাপায় সেই হেতুকে তেওঁ জনীয়াৰ কাৰণে কোনো ফেক্টৰ নহয় বুলিও কয় ইছলামে।

উল্লেখ্য যে, কলগাছিয়াত এ আই ইউ ডি এফৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন উপলক্ষে আয়োজিত সভাৰ অন্তত সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাত কাৰত এই দৰে কয় ডঃ হাফিজ ৰফিকুল ইছলামে।