জনীয়া, সংবাদ ৩৬৫, ৬ অক্টোবৰ : আগন্তুক ২১ অক্টোবৰত জনীয়া সমষ্টিকে ধৰি ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে শনিবাৰে জনীয়া মণ্ডল প্ৰচাৰ কমিটি গঠন কৰা হয়। সেই উপলক্ষে জনীয়া কংগ্ৰেছ দলৰ নিৰ্বাচনী অস্থায়ী প্ৰচাৰ কাৰ্যালয়ত জনীয়া গাওঁ পঞ্চায়তৰ সভাপতি ছাবেদ আলীৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।

সভাত উদ্দেশ্য ব্যাখ্যা কৰে জনীয়া যুৱ কংগ্ৰেছৰ সভাপতি মফিদুল ইছলামে। সভাত জনীয়া গাওঁ পঞ্চায়তৰ সভাপতি ছাবেদ আলীক সভাপতি, তাইজুদ্দিন আহমেদক সম্পাদক হিচাপে লৈ এশ এক জনীয়া কমিটি গঠণ কৰা হয়।

নৱগঠিত কমিটি খনে দাবী কৰা অনুসৰি জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ২২ টা পঞ্চায়তৰ ভিতৰত সবাতোকৈ অধিক ভোট জনীয়া গাওঁ পঞ্চায়তে দিবলৈ সক্ষম হ’ব বুলি দাবী কৰে। কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হক দীৰ্ঘদিনীয়া সংখ্যালঘু সংগ্ৰামৰ জৰিয়তে সংখ্যকলঘু জনসাধাৰণৰ প্ৰতিটো সমস্যাৰ লগত জড়িত আৰু সংখ্যালঘু আন্দোলনক এক মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈ আহিছে। তেনে এগৰাকী সংগ্ৰামী নেতাক কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰাত কংগ্ৰেছৰ নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ অতিকৈ উজু হৈ পৰিছে বুলি নিৰ্বাচনী প্ৰচাৰ কমিটিৰ লগতে কংগ্ৰেছ দলৰ নেতা কৰ্মী সকলে ঘোষণা কৰে।

কাৰ লগত কংগ্ৰেছ দলৰ প্ৰতিদ্বন্দীতা হ’ব বুলি সাংবাদিকে প্ৰশ্ন কৰাত কংগ্ৰেছৰ কৰ্মী সমৰ্থক সকলে কয় যে, যিহেতু এ আই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীয়ে তেওঁ বিধায়ক থকা সময় চোৱাত কোনো উল্লেখনীয় কামৰ কৰাৰ নজিৰ নাই তেনে ক্ষেত্ৰত ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীক ৰাইজে ভোট দিয়াৰ প্ৰশ্ন উঠিব নোৱাৰে।

আনহাতে বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ যিহেতু জনীয়াৰ মাটি-পানীৰ লগত কোনো সম্পৰ্ক নাই আৰু সাধাৰণ ভোটাৰ ৰাইজে তেওঁক চিনি নাপায় তেনে ক্ষেত্ৰত তেওঁ আনামতৰ ধন ঘুৰাই পোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ। অৱশ্যে যুদ্ধ ক্ষেত্ৰত কি হয় সেয়া ২৪ অক্টোবৰত গম পোৱা যাব।