নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ ছেপ্টেম্বৰ : এটি ১২ বছৰীয়া কিশোৰ । কিশোৰটিৰ বয়স এতিয়া বিদ্যালয়লৈ যোৱা, লগৰ সমনীয়াৰ লগত খেলা-ধূলা কৰা । কিন্তু এই বয়সত কিশোৰটোৱে পঢ়া-শুনাৰ লগতে দুবেলা দুমুঠিৰ যোগাৰ কৰাত ব্যস্ত হৈ পৰিছে । কচু, ঢেঁকীয়া, ঔ টেঙা বিক্ৰী কৰি অন্ধ মাতৃক পোহপাল দিছে ।

এই কিশোৰজনৰ নাম পঙ্কজ গগৈ । ঘৰ গোলাঘাট জিলাৰ থুৰামুখৰ কাঠকটীয়াত । দেউতাকৰ মৃত্যু হৈছিল দহ বছৰ পূৰ্বেই । দেউতাকৰ মৃত্যুৰ পাছৰে পৰা মাতৃ ভনী গগৈয়ে দিন হাজিৰা কৰি পোহপাল দি আছিল । কিন্তু ভাগ্যৰ চক্ৰত মাতৃ এক ঘটনাক্ৰমে অন্ধ হৈ পৰে । তাৰ পাছৰে পৰাই কণমানিটোৱে কচু, ঢেঁকীয়া বিক্ৰী কৰিয়েই জীৱন অতিবাহিত কৰিব লগা হৈছে ।

ইফালে কণমানিটোৰ ঘৰৰ অৱস্থাও জৰাজীৰ্ণ । ভিতৰত বহিবলৈ বা শুবলৈ একো নাই । অন্ধ মাতৃক চিকিৎসাৰ বাবেও লাগে পৰ্যাপ্ত পৰিমাণৰ ধন। ইয়াৰোপৰি মাতৃক পোহপাল দিওঁ তাৰ মাজতে চলাই যাব লগা হৈছে নিজৰ পঢ়া-শুনা । প্ৰতিদিনে মাতৃক পৰিচৰ্যা কৰি ওলাই যাব লাগে বিদ্যালয়লৈ ।

সামাজিক মাধ্যমৰ জৰিয়তে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত এই পৰিয়ালটোৰ খবৰ পাই বিধায়িকা ৰজলীনা তিৰ্কীয়ে প্ৰতিনিধি পঠাই সহায় কৰাৰ আশ্বাস দিয়ে। ইয়াৰোপৰি পূব মৰ‌ঙি আটছু আঞ্চলিক সমিতিৰ অনুৰোধ, কোনো সদাশয় লোকে যাতে সহায় কৰি উদ্ধাৰ কৰে দুৰ্ভগীয়া পৰিয়ালটোক।