গুৱাহাটী, ২৪ অক্টোবৰঃ জেএমডি মেডিকো ছাৰ্ভিছেছ লিমিটেডে উত্তৰ পূৱৰ বজাৰত ইয়াৰ বিভিন্ন ধৰণৰ আয়ুর্বেদিক সামগ্ৰী মুকলি কৰিছে। গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত জনপ্রিয় অভিনেত্রী বৰষা ৰাণী বিষয়াই ইয়াৰ সামগ্ৰীসমূহ মুকলি কৰি কয় যে, জেএমডিয়ে ছালৰ যতন, চুলিৰ যতন আৰু স্বাস্থ্যৰ যতনৰ এক বহল পৰিসৰৰ সামগ্ৰী প্ৰদান কৰে৷ এই সামগ্ৰীসমূহ নিশ্চিত ভাবে ১০০% ঔষধি আৰু ইয়াৰ কোনোধৰণৰ বিসংগতি নাই। মই আয়ুৰ্বেদক বিশ্বাস কৰাে আৰু ৰাসায়নিক মুক্ত সামগ্ৰী ব্যৱহাৰ কৰাে। মই নিশ্চিত যে জেএমডি মেডিকোৰ দৰে ব্ৰেণ্ডে আমাক দৈনন্দিন প্রয়োজনীয় স্বাস্থ্য সুৰক্ষা প্ৰদান কৰিব। আনহাতে জেএমডি মেডিকো ছাৰ্ভিছেচ লিমিটেডৰ অধ্যক্ষ জগদীশ পুৰােহিতে কয় যে, আয়ুর্বেদিক উদ্যোগটােৱে কেৱল ভাৰততে নহয়, সমগ্র বিশ্বতে বিকাশ লাভ কৰিবলৈ সক্ষম হৈছে৷ জেএমডি মেডিকোৰ উপাদান সমূহ প্রাকৃতিক ঔষধি গুণসম্পন্ন হোৱাৰ কাৰণে ইয়াৰ কোনাে ধৰণৰ বিসংগতি নাথাকে। তদুপৰি চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহেও আয়ুর্বেদিক সামগ্ৰীৰ ব্যৱহাৰৰ বিকাশ আৰু বৃদ্ধিত সহায় কৰিছে। প্ৰথম বছৰত আমি ভাৰতৰ পূৱ প্ৰান্তৰ ৰাজ্যসমূহত এক শক্তিশালী ভেঁটি স্থাপন কৰাৰ পিছত পশ্চিমৰ ৰাজ্যসমূহতো নিজৰ ভেঁটি স্থাপনত সক্ষম হৈছো৷ আমি নিশ্চিত যে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আয়ুৰ্বেদিক সামগ্ৰীসমূহৰ বাবে বৃহৎ বজাৰত পৰিণত হ’ব। উল্লেখ্য যে, জেএমডি মেডিকো হৈছে এটা আয়ুর্বেদিক কোম্পানী যিয়ে ১০০% ঔষধি আৰু প্ৰাকৃতিক আয়ুৰ্বেদিক সামগ্ৰী প্ৰদান কৰে৷ ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। বৰ্তমান জেএমডিৰ সামগ্ৰীসমূহ অসমৰ সকলো খুচুৰা দোকানত উপলব্ধ হ’ব। কোম্পানীৰ কলকাতাত অৱস্থিত কেন্দ্ৰই অসম, ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ড, মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ চাহিদাসমূহ পূৰণ কৰিব। বর্তমান, চুলিৰ, ছাল, স্বাস্থ্য আৰু শৰীৰৰ যতনৰ বাবে কোম্পানীৰ ৩০টাতকৈও অধিক সামগ্ৰী আছে। জেএমডি মেডিকোৰ ইতিমধ্যে অসমত ২৫০০ খুচুৰা ব্যৱসায়ী আছে। জেএমডি মেডিকো গুড মেনুফেক্সাৰিং প্ৰেকটিছৰ (জিএমপি) সৈতে জড়িত আৰু ১০০% প্রমাণিত ঔষধি৷ কোম্পানীৰ সামগ্ৰীসমূহ গৱেষণা, পৰীক্ষা কৰি প্ৰস্তুত কৰা হৈছে আৰু এইবােৰ তেওঁলোকৰ নিজা আৰএণ্ডডি স্থাপিত হৰিদ্বাৰাত প্ৰখ্যাত চিকিৎসক আৰু বিজ্ঞানীৰদ্বাৰা পৰীক্ষা কৰা হয়। জেএমডি মেডিকো সামগ্ৰী অনলাইন যোগেও আৰ্ডাৰ কৰিব পৰা যায়৷ কোম্পানীৰ ৱেবচাইটৰ www.imdmedico.com ৰ লগতে ই কমার্চ পৰ্টেল যেনে ফ্লিপকার্ট, এমাজন আৰু স্নেপডিলৰ পৰা গ্ৰাহকে অৰ্ডাৰ কৰিব পাৰিব। জেএমডি মেডিকোৰ সামগ্ৰী হেল্পলাইন নম্বৰ ৭৫০৬৮৮৬৬৬৬, +৯১২২ ৪ ৪০৪৮৪০৪৮ত ফোন কৰি অৰ্ডাৰ কৰিব পাৰে।