নিউজ ডেস্ক, সংবাদ ৩৬৫, ১২ আগষ্ট : সমগ্ৰ দেশজুৰি উলহ-মালহেৰে ঈদ পালন কৰি থকাৰ মাজতে জম্মু-কাশ্মীৰত পালন হ’ল ‘মৌন’ ঈদ। কটকটীয়া নিৰাপত্তাৰ মাজত জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত সোমবাৰে ঈদৰ নামাজ আদায় কৰে মুছলমান ধৰ্মাৱলম্বী লোকসকলে।

জানিব পৰা অনুসৰি, নিৰাপত্তাজনিত কাৰণত প্ৰশাসনে বৰ মছজিদসমূহত নামাজ আদায়ত নিষেধাজ্ঞা জাৰি কৰে। ঈদৰ দিনটোত শ্ৰীনগৰৰ কেইবাটাও বৰ মছজিদত নামাজ আদায়ৰ অনুমতি প্ৰদান কৰা নহয় ঈদৰ দিনটোত ।

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ লগতে দেশৰ বিভিন্ন ঠাইত ঈদৰ সময়ত ইছলামিক ষ্টেট আৰু আইএছআই সমৰ্থিত সন্ত্ৰাসবাদীয়ে কূটাঘাত সংঘটিত কৰাৰ আশংকা কৰি ভাৰতীয় চোৰাংচোৱাই চৰকাৰক অৱগত কৰিছিল আৰু সেইবাবেই জম্মু-কাশ্মীৰত সোমবাৰে অধিক পৰিমাণৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰে চৰকাৰে।