গুৱাহাটী, সংবাদ ৩৬৫, ২৯ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সমগ্ৰ দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। ছাত্ৰ সমাজ, বিভিন্ন দল-সংগঠনকে ধৰি বুদ্ধিজীৱী, শিল্পী সমাজ প্ৰত্যেকেই নিজ নিজ পদক্ষেপেৰে কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

কাৰ প্ৰত্যাহাৰৰ দাবীত গীত, মাত আৰু কবিতাৰে শিল্পী সমাজে লতাশিল খেলপথাৰত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদত অংশগ্ৰহণ কৰে জে পি দাসকে ধৰি বহু বিশিষ্ট শিল্পীয়ে ।

বিজেপিৰ শান্তি সমদলক বিগ জিৰ’ বুলি অভিহিত কৰে জে পি দাসে । দাসৰ মন্তব্য, “এই সমদল বিগ জিৰ’। য’ত অশান্তি হোৱাই নাই তাত শান্তি সমদল কৰি লাভ নাই “।