কাজিৰঙা, ২৮ জুনঃ বোকাখাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত পানী যোগান আঁচনিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ কাজিৰঙাত আয়োজিত এক সংবাদমেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ সম্পাদক ৰতন দাৱে এই অভিযোগ উত্থাপন কৰে। তেওঁ সংবাদমেলত সদৰি কৰা মতে, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৌতম ৰয়ৰ আমোলত আৰম্ভ হোৱা এই আঁচনিখনৰ দুৰ্নীতিৰ বাবেই কাজিৰঙাৰ জনতা বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। কৃষক মুক্তিৰ অভিযোগ অনুসৰি ২০০৭ বৰ্ষৰ পৰা ২০১১ বৰ্ষলৈ  পানী যোগানৰ আঁচনিৰ বাবে ৬৫ খন  আঁচনিৰ নামত বোকাখাত জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ অৱন্টন দিয়া হৈছিল ৩৮ কোটি ৩০ লাখ ৫৭ হাজাৰ টকা৷ তাৰ ভিতৰত গ্ৰেটাৰ কাজিৰঙা পানী যোগান আঁচনিৰ নামত ২৯ টা কামৰ বিপৰীতে  আৱন্টন হৈছিল ৬ কোটি ৯৮ লাখ ৭৫ হাজাৰ ৭২২ টকা। কিন্তু উক্ত পানী যোগান আঁচনিৰ পৰা পানী পোৱাটো দূৰৈৰ কথা, আঁচনি কেইখন  নিৰ্মাণ কাৰ্য বৰ্তমান পৰ্যন্ত সম্পূৰ্ণ নহ’ল। একাংশ বিষয়া আৰু ঠিকাদাৰৰ  দুৰ্নীতিৰ বাবে পানী  যোগান প্ৰকল্পৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাজিৰঙা অতিথিশালাৰ কামো আধৰুৱা হৈ ৰ’ল। সংবাদমেলত ৰতন দাৱে গ্ৰেটাৰ কাজিৰঙা পানী যোগান আঁচনিৰ কেলেংকাৰীৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে সংশ্লিষ্ট বিষয়া-ঠিকাদাৰ বিৰুদ্ধে শীঘ্ৰে গোচৰ ৰুজু কৰাৰ দাবী জনায়৷